ETV Bharat / state

PM Narendra Modi: দেশবাসী ডিজিটেল ইণ্ডিয়াৰ সফলতাৰ সাক্ষী হৈছে

author img

By

Published : Oct 16, 2022, 8:11 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ' কনফাৰেঞ্চ যোগে দেশৰ ৭৫ খন জিলাত মুকলি কৰিলে ৭৫টা ডিজিটেল বেংকিং শাখা । ৭৫ খন জিলাৰ ভিতৰত বঙাইগাঁও জিলাতো পঞ্জাৱ নেচনেল বেংকৰ এটা ডিজিটেল বেংকিং শাখাৰ (Digital Banking Branch of PNB at Bongaigaon) স্থাপন । বঙাইগাঁৱৰ পৰা অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

কেন্দ্ৰীয় মন্ত্ৰী সাংসদ সৰ্বানন্দ সোণোৱাল
বঙাইগাঁও জিলা পঞ্জাৱ নেচনেল বেঙকৰ ডিজিটেল বেংকিং শাখা মুকলি

নিউজ ডেস্ক, ১৬ অক্টোবৰ: দেশৰ বেংকিং সেৱাক এক নতুন গতিশীলতা প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Modi virtually inaugurated digital bank) দেওবাৰে ভিডিঅ' কনফাৰেন্সযোগে আনুষ্ঠানিকভাৱে দেশৰ ৭৫ খন জিলাত ৭৫টা ডিজিটেল বেংকিং শাখা মুকলি কৰে । এই ৭৫ খন জিলাৰ ভিতৰত অসমৰ বঙাইগাঁও জিলাতো পঞ্জাৱ নেচনেল বেঙকৰ এটা ডিজিটেল বেংকিং শাখা মুকলি কৰা হয় ।

এই উপলক্ষে আয়োজিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অনুষ্ঠানত বঙাইগাঁৱৰ পৰা ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Union Minister Sarbananda Sonowal at Bongaigaon) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়,"সমগ্ৰ দেশবাসীয়ে এতিয়া ডিজিটেল ইণ্ডিয়াৰ সামৰ্থ্য আৰু সফলতাৰ সাক্ষী হৈছে । ডিজিটেল বেংকিং শাখাবোৰ হৈছে ভাৰতৰ জনসাধাৰণৰ জীৱন সহজ কৰাৰ বাবে দেশত চলি থকা অভিযানসমুহৰ আন এক বৃহৎ পদক্ষেপ । এইটো এটা বিশেষ বেংকিং প্ৰণালী যিয়ে সীমিত ডিজিটেল আন্তঃগাঁথনিৰ জৰিয়তে সৰ্বাধিক সেৱা প্ৰদান কৰিবলৈ সক্ষম হ'ব ।"

তেওঁ পুনৰ কয়," আমি দূৰৱৰ্তী প্ৰতিটো পৰিয়াললৈ বেংকিং সেৱা ওচৰলৈ লৈ যোৱাত বিশেষ অগ্ৰাধিকাৰ দি আহিছো । এতিয়া ভাৰতৰ ৯৯ শতাংশতকৈও অধিক গাঁৱত ৫ কিলোমিটাৰৰ ভিতৰত বেংক শাখা, বেংকিং আউটলেট বা বেংকৰ সংশ্লিষ্ট কৰ্মী উপলব্ধ হৈছে । আন্তৰ্জাতিক মুদ্ৰা নিধিয়েও (IMF) ভাৰতৰ ডিজিটেল বেংকিং আন্তঃগাঁথনিৰ ভূয়সী প্ৰশংসা কৰিছে । ইয়াৰ অন্যতম কৃতিত্ব দিব লাগিব নতুন প্ৰযুক্তি অৱলম্বন কৰা দেশৰ আৰ্থিকভাৱে পিছপৰা লোকসকলক আৰু কৃষক তথা শ্ৰমিকসকলক, যিসকলে এই নতুন প্ৰযুক্তিক তেওঁলোকৰ জীৱনৰ অংশ কৰি তুলিছে । "

এতিয়া সমগ্ৰ বিশ্বই ভাৰতে আঁচনি ৰূপায়ণত অৱলম্বন কৰা ডিবিটি পদ্ধতি আৰু ডিজিটেল শক্তিৰ শলাগ লৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে দেশৰ বেংকিং ব্যৱস্থা হৈ পৰিছে সু-শাসন আৰু উন্নত সেৱা প্ৰদানৰ এক সবল মাধ্যম । ডিজিটেল অৰ্থনীতি আজি আমাৰ অৰ্থনীতিৰ, আমাৰ ষ্টাৰ্টআপ (Startup), মেক ইন ইণ্ডিয়া (Make in India ) আৰু আত্মনিৰ্ভৰ ভাৰতৰ দিশত এক ডাঙৰ শক্তিৰূপে পৰিগণিত হৈছে ।

বঙাইগাঁৱৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়," প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বলিষ্ঠ নেতৃত্বত ডিজিটেল ইণ্ডিয়াৰ দৰে দূৰদৰ্শী পদক্ষেপে দেশৰ জনসাধাৰণৰ জীৱনৰ মান উন্নত আৰু গতিশীল কৰি তুলিছে । আজি প্ৰধানমন্ত্ৰীয়ে ৭৫ খন জিলাত শুভাৰম্ভ কৰা ডিজিটেল বেংকিং সেৱাই জনসাধাৰণক কম সময়তে গুণগত আৰু খৰতকীয়া সেৱা প্ৰদান কৰিব । আজাদী কা অমৃত মহোৎসৱৰ (Azadi Ka Amrit Mahotsav) মাজতে এনে এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ শুভাৰম্ভ কৰাৰ বাবে প্ৰধানমন্ত্ৰীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো ।" তেওঁ লগতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণকো (Finance Minister Nirmala Sitharaman) কৃতজ্ঞতা জ্ঞাপন কৰে । এই পদক্ষেপৰ অংশ হিচাপে বঙাইগাঁও জিলাত স্থাপন কৰা বেংকিং ডিজিটেল শাখাটোৱে স্থানীয় জনসাধাৰণৰ যথেষ্ট উপকাৰ সাধন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক:Congress Presidential Poll : ভোটাৰ তালিকাত নাম নাই কমলাক্ষ্য দে পুৰকায়স্থৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.