ETV Bharat / state

বঙাইগাঁৱৰ নাককাটি পাহাৰত ডি এফ অ'ৰ নেতৃত্বত যুৱকক প্ৰহাৰ - Youth attacked incident

Youth attack incident:নাককাটি পাহাৰত ডি এফ অ'ই যুৱকক প্ৰহাৰ কৰাকলৈ জিলাখনত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । ডি এফ অ'ৰ নেতৃত্বত যোৱা বনৰক্ষী দলটোৱে আক্ৰমণ কৰাৰ অভিযোগ ।

Youth tortured in Nakakati hills
নাককাটি পাহাৰত যুৱকক অত্যাচাৰ
author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 4:04 PM IST

নাককাটি পাহাৰত যুৱকক অত্যাচাৰ

বঙাইগাঁও, ২ জানুৱাৰী :বঙাইগাও জিলাৰ নাককাটি পাহাৰত ডি এফ অ'ই বিগত বৰ্ষৰ ৩১ ডিচেম্বৰৰ সন্ধিয়া অভিযান চলাই এজন যুৱকক প্ৰহাৰ কৰি আহত কৰাক লৈ জিলাখনত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । নাককাটি পাহাৰত ডি এফ অ'ই অভিযান চলোৱাৰ সময়ত উপেন নাথ নামৰ যুৱক এজনৰ ওপৰত পাশৱিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । ডি এফ অ'ৰ নেতৃত্বত যোৱা বনৰক্ষী দলটোৱে উপেন নাথৰ লগতে আন কেইবাজনো যুৱকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

এই পাহাৰখনৰ মধ্যস্থলত আছিল এটা চাংঘৰ । এই চাংঘৰটো পৰিচালনা কৰি আছিল উপেন নাথে । এই প্ৰসংগত উপেন নাথে উল্লেখ কৰা মতে জিলা প্ৰশাসনৰ 'প্ৰজেক্ট যাযাবৰ'ৰ অধীনত চলিছিল চাংঘৰটো । এই চাংঘৰটোত নাককাটিৰ শৃংগ দৰ্শন কৰিব যোৱা পৰ্যটকক যোগান ধৰা হৈছিল চাহ, পানী, লঘু খাদ্য আদি । লগতে পৰ্যটকে চাংঘৰত লৈছিল জিৰণি । কিন্তু যোৱা ৩১ ডিচেম্বৰৰ সন্ধিয়া জিলা বন বিষয়াগৰাকীয়ে সদল-বলে উপস্থিত হয় চাংঘৰটোত ।

কোনো কথাৰ অৱতাৰণা নকৰাকৈয়ে বন বিষয়াৰ নিৰ্দেশত তেওঁৰ সৈতে যোৱা দলটোৱে উপেন নাথৰ লগতে আন কেবাগৰাকী পৰ্যটকক এই অত্যাচাৰ কৰে । এই প্ৰহাৰত উপেন নাথৰ বাঁও ভৰিখন ভাঙি যায় । ইয়াৰ পিচতেই ৰাইজৰ লগতে পৰিয়ালৰ লোকে উপেন নাথক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় । অৱশ্য়ে পিচত তেওঁক উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজত প্ৰেৰণ কৰে । এই সমগ্ৰ ঘটনাটোক লৈ বঙাইগাঁৱৰ বিভিন্ন দল-সংগঠনে জাঙুৰ খাই উঠিছে । ডি এফ অ'গৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী উত্থাপন কৰিছে বিভিন্ন দল সংগঠনে ।

লগতে পঢ়ক:৭ সৰ্বোচ্চ পৰ্বত আৰোহণৰ লক্ষ্য; দৰিদ্ৰতাক নেওচি আত্মবিশ্বাসেৰে আগবাঢ়িছে ভেনেলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.