বঙাইগাঁও, 24 জুন: বঙাইগাঁৱত এটি মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । উদ্ধাৰ হোৱা মৃতদেহটো অমিত ঘোষ নামৰ এজন লোকৰ বুলি চিনাক্ত কৰা হৈছে(Dead body Recovered in Bongaigaon) ৷
জানিব পৰা মতে, বঙাইগাওঁ চহৰৰ ১৪ নং ৱাৰ্ডৰ বাসিন্দা আছিল অমিত ঘোষ । বুধবাৰে সন্ধিয়াৰ ভাগৰ পৰাই নিৰুদ্দিষ্ট হৈ আছিল অমিত ঘোষ নামৰ যুৱকজন ৷ অৱশেষত বঙাইগাঁও জিলাৰ বঙাইগাঁও কলেজৰ সমিপৰ বিসৰ্জ্জন ঘাটত পানীত উপঙি থকা অৱস্থাত অমিত ঘোষৰ মৃতদেহটি উদ্ধাৰ কৰা হয় ।
লগতে বিসৰ্জ্জন ঘাটৰ পাৰত উদ্ধাৰ কৰা হয় অমিত ঘোষৰ এখন চাইকেল । ইফালে, মৃতদেহটি মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । সম্প্ৰতি অমিত ঘোষৰ মৃত্যুৰ কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ প্ৰকৃততে এয়া হত্যা নে আত্মহত্যা সেয়া আৰক্ষীৰ তদন্তত পিচতহে পোহৰলৈ আহিব ৷
লগতে পঢ়ক : পশুচিকিৎসা মহাবিদ্যালয়ৰ চৌহদত উদ্ধাৰ নৱজাতকৰ মৃতদেহ