বঙাইগাঁও,16 চেপ্তেম্বৰঃ সোমবাৰে বঙাইগাঁও জিলাৰ অন্তৰ্গত পানবাৰীৰ 3 নং গৰাইমাৰীত হাবিৰ মাজত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হয় ৷ স্থানীয় লোকৰ সন্দেহ অনুসৰি যুৱতী গৰাকীক কোনো দুৰ্বৃত্তই ধৰ্ষণ কৰাৰ পাচত হত্যা কৰি জংঘলত পেলাই দিয়ে ৷
ৰাইজৰ খবৰ ভিত্তিত পানবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সংক্ৰান্তত তদন্ত আৰম্ভ কৰে ৷পৰৱৰ্তী সময়ত বিজনী মহকুমাধিপতি ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় ৷