ETV Bharat / state

CPIM Press Meet : মাণিকপুৰত চিপিআইএমৰ সংবাদমেল; অগপক সমালোচনা

মাণিকপুৰত চিপিআইএমৰ সংবাদমেল ৷ বুধবাৰৰ অগপৰ সংবাদমেলৰ বিৰুদ্ধে বৃহস্পতিবাৰে চিপিআইএমে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 8:45 PM IST

CPIM Press Meet at Manikpur in Bongaigaon
সৃজনগ্ৰাম সমষ্টি
মাণিকপুৰত চিপিআইএমৰ সংবাদমেল

বঙাইগাওঁ, 31 আগষ্ট : বঙাইগাঁও জিলাৰ মাণিকপুৰত সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু সৃজনগ্ৰাম, অভয়াপুৰী নতুন উপ জিলাক লৈ অসম গণ পৰিষদৰ বিধান পৰিষদে বুধবাৰে সংবাদমেল যোগে দলৰ স্থিতি স্পষ্ট কৰে ৷ এই সংবাদমেলত অগপৰ বিধান পৰিষদৰ সম্পাদক হেম ৰায়, কেন্দ্ৰীয় সদস্য প্ৰমোদ ৰায়, আৰু জ্যেষ্ঠ নেতা নাছিৰ উদ্দিন আহমেদে সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু সৃজনগ্ৰাম আৰু অভয়াপুৰী নতুন উপ জিলাক লৈ দলৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ লগতে মাণিকপুৰৰ একাংশ ব্যক্তিয়ে মাণিকপুৰ সমষ্টি আৰু উপ জিলা ঘোষণা সন্দৰ্ভত মাণিকপুৰক বঞ্চিত কৰাৰ আঁৰত অগপ দলৰ বঙাইগাঁও সমষ্টিৰ বিধায়ক, প্ৰাক্তন বিধায়ক ভূপেন ৰায় আৰু ফণীভূষন চৌধুৰীৰ হস্তক্ষেপত হোৱা বুলি অপপ্ৰচাৰ চলাইছে ব্যক্ত কৰে দলটোৰ বিষয়ববীয়াই ৷ এই সন্দৰ্ভত অগপ দলৰ বিষয়ববীয়াই সংবাদ মেল যোগে স্থিতি স্পষ্ট কৰে ৷

অগপৰ এই সংবাদমেলৰ বিৰুদ্ধে বৃহস্পতিবাৰে চিপিআইএমে সংবাদমেল যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেওঁলোকে কয় যে, অগপ দলৰ পৰা মাণিকপুৰ বিধান পৰিষদে শুনানিৰ দিনা দলীয় ভাবে কোনো মতামত প্ৰকাশ কৰা নাই ৷ নিজা নিজা ভাৱত পৰিকল্পিতভাৱে লিখিত মতামত দাখিল কৰে তেওঁলোকে ৷ যাৰ ফলত মাণিকপুৰৰ বিপক্ষে অধিক মতামত হোৱাৰ বাবে নিৰ্বাচন আয়োগে মাণিকপুৰৰ নাম কৰ্তন কৰি সৃজনগ্ৰাম কৰে ৷ লক্ষনীয় কথা হ’ল সমষ্টিৰ পূৰ্বৰ সীমাকে বাহাল ৰাখি মাত্ৰ নাম সলনি কৰে আয়োগে ৷

চিপিআইএমে নিজৰ স্থিতি স্পষ্ট কৰি অগপই দিয়া সংবাদমেল সম্পূৰ্ণ ভিত্তিহীন বুলি কয় লগতে এই সংবাদমেলত অগপই নিজকে ধোৱা তুলসীৰ পাত সজাব বিছাৰিছে বুলি কয় তেওঁলোকে ৷ সৎ সাহস থাকিলে অগপৰ নেতৃত্বই লিখিতভাৱে দিয়া সাক্ষ্য ৰাজহুৱা কৰক বুলি চিপিআইএমৰ নেতা তৰনি ৰায়ে সংবাদমেল যোগে প্ৰকাশ কৰে ৷ তেওঁ কয় যে, আমিতো ৰাইজক অৱগত কৰাৰ স্বাৰ্থত ৰাজহুৱা কৰিছোঁ ৷ তেওঁলোকৰ এই পলায়নবাদী মনোভাৱক গৰিহণা আৰু ধিক্কাৰ দিছো ৷ আমি মাণিকপুৰৰ স্বাৰ্থৰ বাবে প্ৰতিবাদ কৰিছোঁ আৰু ভৱিষ্যতে প্ৰতিবাদ কৰি যাম বুলি মন্তব্য কৰে তেওঁ ৷

লগতে পঢ়ক : Pijush Hazarika Controversy : পীযুষ হাজৰীকাৰ ৰোল মডেল দুঃশাসন, পুনৰ ভূপেন-পীযুষৰ বাকযুদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.