ETV Bharat / state

চৰকাৰী চিকিৎসালয়ত ক’ভিড মেনেজমেন্টৰ ফোপোলা স্বৰূপ

author img

By

Published : Jul 19, 2021, 1:20 PM IST

ৰাজ্যত ক’ভিড মেনেজমেন্ট (covid management)ৰ এখন ভয়াৱহ ছবি পোহৰলৈ আহিছে ৷ বঙাইগাঁও জিলাৰ মাণিকপুৰৰ এগৰাকী ক’ভিড আক্ৰান্ত মহিলাই উদঙাই দিছে ৰাজ্যৰ একাংশ ক’ভিড চিকিৎসালয়ৰ ফোপোলা স্বৰূপ ৷

covid-hospital-running-without-basic-hygiene
চৰকাৰী চিকিৎসালয়ত covid management ৰ ফোপোলা স্বৰূপ

মাণিকপুৰ, 19 জুলাই : প্ৰায় প্ৰতিদিনে চৰকাৰে বিভিন্ন সভাই সমিতিয়ে অথবা সংবাদ মাধ্যমৰ আগত ক’ভিডৰ বিৰুদ্ধে চলি থকা যুদ্ধ খনত নিজৰ সফলতাৰ কথা উল্লেখ কৰে ৷ বাতৰি, সভা সমিতি অথবা চৰকাৰী বিজ্ঞাপন দেখি হয়তো বহুতেই একে মুখে প্ৰশংসাও কৰে শাসনাধিস্থিত বিজেপি চৰকাৰখনক ৷ ক’ভিড মেনেজমেন্টৰ ক্ষেত্ৰত তদানীন্তন স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতা দেখিয়েই ‘কা’ আন্দোলনৰ পিছতো দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সুবিধা দিলে বুলি সততে আলোচিত হয় ৷

কিন্তু, এনে সময়তে পোহৰলৈ আহিছে ৰাজ্যত ক’ভিড মেনেজমেন্টৰ এখন ভয়াৱহ ছবি ৷ বিভিন্ন ক’ভিড কেয়াৰ কেন্দ্ৰ অথবা চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা আক্ৰান্ত লোক সকলে কিমান জটিল পৰিস্থিতিত চিকিৎসা গ্ৰহণ কৰি আছে সেই তথ্য সম্প্ৰতি পোহৰলৈ আহিছে ৷ শেহতীয়াকৈ, এগৰাকী ক’ভিড আক্ৰান্ত মহিলাই উদঙাই দিছে ৰাজ্যৰ ক’ভিড কেয়াৰ কেন্দ্ৰ অথবা একাংশ ক’ভিড চিকিৎসালয়ৰ ফোপোলা স্বৰূপ ৷

চৰকাৰী চিকিৎসালয়ত ক’ভিড মেনেজমেন্টৰ ফোপোলা স্বৰূপ

উল্লেখ্য যে, ক’ভিড আক্ৰান্ত হৈ বঙাইগাঁও জিলাৰ মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত (Manikpur Model Hospital) ভৰ্তি হৈছিল মহিলা গৰাকী ৷ কিন্তু, ক’ভিড চিকিৎসালয়ৰ নমুনা দেখি চকু কপালত উঠে মহিলাগৰাকীৰ ৷

পূৰ্বৰ ক’ভিড আক্ৰান্ত ৰোগীয়ে ব্যৱহাৰ কৰা কাপোৰ সলাই বিচনাত নতুন কাপোৰ এখনৰ ব্যৱস্থাও কৰিব পৰা নাই কৰ্তৃপক্ষই ৷ কেৱল সিমানেই নহয়, এগৰাকী ক’ভিড আক্ৰান্তৰ বাবে ৰখা কোঠালিৰ ভিতৰত নাই কোনো ধৰণৰ চাফ-চিকুনতা ৷ শৌচাগাৰ, প্ৰস্বাৱগাৰৰ অবৰ্ণনীয় পৰিস্থিতিৰ লগতে খোৱাপানীৰ ৰঙচুৱা ৰূপেও অইন ৰোগৰ কবলত পৰাৰ চিন্তাত পেলাইছে মহিলাগৰাকীৰ লগতে অন্য ৰোগী সকলকো ৷

এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে, ৰাজকোষৰ কোটি কোটি টকা ক’ভিডৰ চিকিৎসা ব্যয়ৰ বাবদ খৰছ হৈছে ৷ কিন্তু সেই টকাৰে কাৰ পকেট গৰম হয় ঠিকনা নাই বুলিও আলোচিত হৈছে সচেতন মহলত ৷ এই অৱশ্যে, শূণ্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে এই সকলক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ব নে নহয় সেইয়া লক্ষণীয় হ’ব বুলি মত প্ৰকাশ কৰিছে ৰাইজে ৷

লগতে পঢ়ক : বাজেট 2021-22: মিশ্ৰিত প্ৰতিক্ৰিয়া চাহ জনগোষ্ঠীয় লোকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.