ETV Bharat / state

কোকিলা গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগৰ কামত ব্যাপক দুৰ্নীতি - kokila gaon panchayat

কোকিলা গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতি ৷ নাম মাত্ৰ কেইগাড়ীমান মাটি পেলাই চাৰি লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ পঞ্চায়তৰ সচিবৰ বিৰুদ্ধে ৷

কোকিলা গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগৰ কামত ব্যাপক দুৰ্নীতি

author img

By

Published : May 30, 2021, 8:13 PM IST

বঙাইগাঁও, 30 মে' : বঙাইগাঁও জিলাৰ সৃজন গ্ৰামোন্নয়ন খণ্ডৰ অন্তৰ্গত 1 নং কোকিলা গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগৰ কামত ব্যাপক দুৰ্নীতি সংগঠিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । কোকিলা গাঁও পঞ্চায়তৰ একাংশ সদস্য, সদস্যাই পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ সুযোগ লৈ সচিব ইনামুল হক জড়িত হৈ কোকিলা প্ৰথম খণ্ডৰ সদস্যাৰ স্বামীৰ জেষ্ঠ্য ভাতৃয়ে ১৫ৰ পৰা ২০ টেক্টৰ মাটি পেলোৱাই টকা আত্মসাৎ কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ।

কোকিলা গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগৰ কামত ব্যাপক দুৰ্নীতি

জানিব পৰা মতে ২০১৯-২০ বৰ্ষৰ চতুৰ্দশ বিত্তীয় আয়োগৰ কামৰ আধাৰশিলাত চাৰি লাখ টকা লিখা আছিল আৰু অনুমোদনো হৈছিল চাৰি লাখ টকা ৷ কিন্তু নিশাৰ ভিতৰতে একেই ছাইনবোৰ্ডত পাচঁ লাখ টকা লিখাত ৰহস্য সৃষ্টি হৈছে । প্ৰধানমন্ত্ৰী গ্ৰাম্য আবাস যোঁজনা গৃহৰ নামত কোকিলা গাঁও পঞ্চায়তৰ সদস্য, সদস্যা সকলে মিলি পঞ্চায়ত সচিব ইনামুল হকে ২০০০ ৰ পৰা ৫০০০/-টকা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰী সকলে ।

নিয়ম অনুসৰি চতুৰ্দশ বিত্তীয় আয়োগৰ নিৰ্মাণ কমিটিখন গাঁওসভা পাতি কমিটিৰ সভাপতি বাছনি কৰিব লাগে । একাংশ ৰাইজে উক্ত কমিটিখন গাঁওসভা পাতি নিৰ্মাণ কমিটী পাতিবলৈ কোৱাত ৰাইজক বুঢ়া আঙুলি দেখুৱাই মৈমতালিৰে প্ৰথম খণ্ডৰ সদস্যাৰ স্বামীৰ জোষ্ঠ ভাতৃয়ে সভাপতি নিৰ্বাচিত হয় ৷ পঞ্চায়ত সভাপতি আব্দুছ ছাত্তাৰক দুৰ্নীতিৰ অভিযোগত অনাস্থা দিয়া পঞ্চায়ত সদস্য, সদস্যা সকলে কোকিলা গাওঁ পঞ্চায়তখনত দূৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত কৰিছে বুলি সৰ্বত্ৰে অভিযোগ উঠিছে ৷

লগতে পঢ়ক : মূল্যবৃদ্ধিক লৈ সৰৱ অসম জাতীয় পৰিষদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.