ETV Bharat / state

Bongaigaon Transport Corruption: অত্যধিক বোজাৰ নামত পৰিবহণ বিষয়াক লাগে ঘোচ ! - Over loaded vehicle terror in Bongaigaon

বঙাইগাঁও পৰিবহণ বিভাগত ব্যাপক দুৰ্নীতি আৰু লুণ্ঠনৰাজ চলিছে (Corruption in Bongaigaon Transport department)! অত্যধিক বোজা কঢ়িওৱা প্ৰতিখন বাহনে পৰিবহণ বিষয়াক দিব লাগে ৩০০০-৫০০০ টকা । সাংবাদিকৰ অনুসন্ধানত পোহৰলৈ আহিছে এই তথ্য । চালকে স্বীকাৰ কৰিছে এই ভয়ংকৰ দুৰ্নীতিৰ কথা ।

Bongaigaon Transport Corruption
অত্যধিক বোজাৰ নামত পৰিবহণ বিষয়াক লাগে ঘোচ
author img

By

Published : Jan 13, 2023, 1:21 PM IST

অত্যধিক বোজাৰ নামত পৰিবহণ বিষয়াক লাগে ঘোচ

মাণিকপুৰ,১৩ জানুৱাৰী : পথ দুৰ্ঘটনা ৰোধৰ বাবে অসম চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে । ঠায়ে ঠায়ে তালাচী চকী স্থাপন কৰিছে । যান-বাহন আইন উলংঘন কৰা চালকৰ বিৰুদ্ধে কঠোৰ হৈছে পৰিবহণ বিভাগ আৰু আৰক্ষী (Transport department operation)। কিন্তু ইয়াৰ মাজতে বঙাইগাঁও আৰু চিৰাং জিলাত পৰিবহণ বিভাগ ব্যস্ত হৈ পৰিছে ধন সংগ্ৰহত ! ইটা ভৰ্তি বাহনৰ পৰা মাহিলী হিচাপত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰিছে পৰিবহণ বিষয়াই (Corruption of Bongaigaon transport officer)। ইটা কঢ়িওৱা বাহনৰ চালকেই এই কথা স্বীকাৰ কৰিছে ।

উল্লেখ্য যে ৰাজপথত যাতে দুৰ্ঘটনা প্ৰতিৰোধ হয় তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে । পৰিবহণ আইন উলংঘন কৰা চালকৰ বিৰুদ্ধে ৫০০ পৰা ২৫,০০০ টকা পৰ্যন্ত জৰিমণাও সংগ্ৰহ কৰিছে পৰিবহণ বিভাগে । উদ্দেশ্য মাত্ৰ এটাই ৰাজ্যত পথ দুৰ্ঘটনা ৰোধ হ'ব লাগে ।

কিন্তু ইয়াৰ মাজতে বঙাইগাঁও আৰু চিৰাং জিলাত অত্যধিক বোজাৰে একাংশ ইটা কঢ়িওৱা বাহনৰ দৌৰাত্ম দেখিবলৈ পোৱা গৈছে (Over loaded vehicle terror in Bongaigaon)। পৰিবহণ আইন উলংঘন কৰি অত্যধিক বোজাৰে বিনা বাধাৰে চলি আছে এই বাহনসমূহ । কিন্তু পৰিবহণ বিভাগে সকলো দেখিও কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই ?

কাৰণ এই বাহনসমূহৰ পৰাই মাহিলী হিচাপে ধন সংগ্ৰহ কৰে পৰিবহণ বিভাগে । সাংবাদিকৰ অনুসন্ধানত এই কথা স্পষ্ট হৈ পৰিছে । আইন নমনা একাংশ বাহনৰ চালকেই স্বীকাৰ কৰিছে এই কথা । জানিব পৰা মতে দুয়োখন জিলাৰে পৰিবহণ বিষয়াক মাহিলী হিচাপত দিব লাগে বৃহৎ পৰিমাণৰ ধন । ৩০০০-৫০০০ টকা লৈ অত্যধিক বোজাৰে ইটা কঢ়িওৱা বাহনসমূহ চলাৰ অনুমতি দিয়ে পৰিবহণ বিভাগে ।

অভিযোগ অনুসৰি বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে অত্যধিক বোজাৰে ইটা সৰবৰাহ হৈ আছে । পুৱাৰ পৰা ইটা ভৰ্তি বাহনৰ দীঘলীয়া শাৰীৰ বাবে সাধাৰণ যান-বাহন চলাচল ব্যাহত হৈ পৰে । সাধাৰণ ৰাইজ প্ৰায়ে এই বাহনসমূহৰ দৌৰাত্মৰ বাবে সমস্যাত পৰে । কিন্তু এই ক্ষেত্ৰত কোনো গুৰুত্ব নাই পৰিবহণ বিভাগ । বিয়াগোম বিভাগটোৰ বিষয়াসকল কেৱল ব্যস্ত কমিছনৰ অংকত (Bongaigaon transport officer is busy taking bribe)।

যি সময়ত মুখ্যমন্ত্ৰীয়ে দালালৰাজ আৰু ঘোচখোৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে পদক্ষেপ লৈছে । তেনে সময়তে এতিয়া বঙাইগাঁও আৰু চিৰাং জিলা পৰিবহণ বিভাগত ঘোচখোৰ বিষয়াৰ দপদপনি চলিছে । এই সমগ্ৰ বিষয়টো সংবাদ মাধ্যমৰ জৰিয়তে পোহৰলৈ অহাৰ পাছতে এতিয়া বঙাইগাঁও আৰু চিৰাং জিলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Illegal train ticket booking racket: ৰেলৰ টিকটৰ অবৈধ ব্যৱসায় কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.