ETV Bharat / state

অসমত কৰ’ণা ভাইৰাছ ! বঙাইগাঁৱত এজন আক্ৰান্ত হোৱাৰ সন্দেহ - কৰ’ণা ভাইৰাছ

অসম পালেহি নেকি বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ’ণা ভাইৰাছ ৷ বঙাইগাঁৱত কৰ’ণা ভাইৰাছ আক্ৰান্তৰ সন্দেহ এজনক ৷

অসমত কৰ’ণা ভাইৰাছ ! বঙাইগাঁৱত এজন আক্ৰান্ত হোৱাৰ সন্দেহ

author img

By

Published : Mar 5, 2020, 11:50 AM IST

Updated : Mar 5, 2020, 2:59 PM IST

বঙাইগাঁও, 5 মাৰ্চঃ চিকিৎসাধীন হৈ থকা যুৱকজন পেছাত এজন ব্যৱসায়ী ৷ ব্যৱসায় সূত্ৰে প্ৰায়ে ডুবাইলৈ অহা যোৱা কৰে যুৱকজনে । বৃহস্পতিবাৰে ব্যৱসায়ীজনে ডুবাইৰ পৰা হায়দৰাবাদ হৈ বঙাইগাঁৱলৈ আহে ।

কিন্তু আহিয়ে ব্যৱসায়ীজনে চৰ্দি, জ্বৰ, কাহত আক্ৰান্ত হয় ৷ যিহেতু লোকজন ডুবাইৰ পৰা ভ্ৰমণ কৰি আহিছে গতিকে জিলা স্বাস্থ্য বিভাগে লোকজনৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰে । ইয়াৰোপৰি লোকজনক বঙাইগাঁওৰ এখন ব্যাক্তিগত নাৰ্ছিং হোমত চিকিৎসাৰো ব্যৱস্থা কৰে ।

বঙাইগাঁৱত এজন আক্ৰান্ত হোৱাৰ সন্দেহ

বৰ্তমান চিকিৎসকে দিয়া এন্টিবায়টিক আৰু অন্যান্য ঔষধ গ্ৰহণ কৰি লোকজনে আৰোগ্য লাভ কৰিছে যদিও স্বাস্থ্য বিভাগে নিৰীক্ষণত ৰাখিছে যুৱকজনক । এতিয়াও নিশ্চিত নহয় যে লোকজন প্ৰকৃততে কৰু’ণা ভাইৰাছত আক্ৰান্ত নে সাধাৰণ চৰ্দি, জ্বৰ । এই বিষয়ে বিতংভাৱে বঙাইগাঁও স্বাস্থ্যবিভাগৰ জিলা যুটীয়া সঞ্চালকে প্ৰকাশ কৰিব বুলি আমাৰ হাতত তথ্য আহি পৰিছে । পৰৱৰ্তী সময়তে পোহৰলৈ আহিব প্ৰকৃত তথ্য ৷

বঙাইগাঁৱত এজন কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ

ইপিনে শিলচৰ জিলা কংগ্ৰেছ কাৰ্যালয় ইন্দিৰা ভৱনত অনুষ্ঠিত কৰা বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা অনুষ্ঠানত অংশ গ্ৰহণ কৰি পদ্মশ্ৰী প্ৰাপ্ত ডঃ ৰবি কান্নাণে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰে যে, কৰুণা ভাইৰাছক লৈ একো চিন্তা কৰিব নালাগে । কেৱল প্ৰয়োজন আছে মানুহৰ মাজত সচেতনতা বৃদ্ধি কৰাৰ । এই ভাইৰাছৰ পৰা পৰিত্ৰাণ হৈ থাকিবলৈ হাত, মুখ পৰিষ্কাৰ কৰি ৰাখিব লাগে বুলি কয় পদ্মশ্ৰী প্ৰাপ্তগৰাকীয়ে ৷

কৰ’ণা ভাইৰাছক লৈ প্ৰতিক্ৰিয়া পদ্মশ্ৰী প্ৰাপ্ত ডঃ ৰবি কান্নাণৰ

এই সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট লোকসকলৰ মাজত থাকে বিশিষ্ট চিকিৎসক পদ্মশ্ৰী ডাক্তৰ ৰবি কান্নন, ডাক্তৰ গৈৰীক সাহা, ডাক্তৰ অভিৰাজ পাল, ডাক্তৰ প্ৰকাশ যাদব, ডাক্তৰ সমুজ্জ্বল ভট্টাচাৰ্য, কবিতা দেবী আৰু আয়ুষ্মান মুখাৰ্জী । এই সংবৰ্ধনা অনুষ্ঠানত প্ৰাক্তন সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছ অভিনেত্ৰী সুস্মিতা দেব, প্ৰাক্তন মন্ত্ৰী অজিত সিংহ, জিলা কংগ্ৰেছ সভাপতি প্ৰদীপ দে প্ৰমুখ্য উপস্থিত আছিল ।

Last Updated : Mar 5, 2020, 2:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.