বঙাইগাঁও, 12 জুন : সমগ্ৰ ৰাজ্যৰ লগতে মাণিকপুৰতো শুকুৰবাৰে পেট্ৰ'ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছ নেতা-কৰ্মীসকলে পালন কৰে ধৰ্ণা কাৰ্যসূচী ৷ মাণিকপুৰৰ ডাংগাইগাঁও পেট্ৰ'ল পাম্পত কংগ্ৰেছৰ বিধায়ক আব্দুল বাতেন খন্দকাৰৰ নেতৃত্বত কংগ্ৰেছ কৰ্মীসকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷
উল্লেখনীয় যে, বিগত বছৰত চৰকাৰে 43 বাৰকৈ পেট্ৰ'লৰ মূল্য বৃদ্ধি কৰিছিল বুলি কৈ বিজেপি চৰকাৰক সমালোচনা কৰে বিধায়ক গৰাকীয়ে ৷ প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ গ' বেক, বিজেপি চৰকাৰ হায় হায় ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে ৷
লগতে পঢ়কঃ লাহৰিঘাটত বান-গৰাখহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ