ETV Bharat / state

Gourav Gogoi speech: গৌৰৱৰ গৌৰৱময় ভাষণত কম্পিত মুখ্যমন্ত্ৰী, বিধায়ক আব্দুল বাতিন খন্দকাৰ - Assam Pradesh Congress Comittee

বঙাইগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ ৷ মূল্যবৃদ্ধিৰ বিৰোধিতাৰে প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ ৷ মুখ্যমন্ত্ৰীয়ে সাংসদ গৌৰৱ গগৈক কৰা সমালোচনাৰ প্ৰত্যুত্তৰ বিধায়ক আব্দুল বাতিন খন্দকাৰৰ ৷ ‘‘গৌৰৱ গগৈৰ উত্থানত শংকিত মুখ্যমন্ত্ৰী হিমন্ত ৷’’

Gourav Gogoi
গৌৰৱৰ গৌৰৱময় ভাষণত কম্পিত মুখ্যমন্ত্ৰী
author img

By

Published : Aug 10, 2023, 11:29 AM IST

গৌৰৱৰ গৌৰৱময় ভাষণত কম্পিত মুখ্যমন্ত্ৰী

বঙাইগাঁও, 10 আগষ্ট: বুধবাৰে বঙাইগাঁৱৰ ৰাজীৱ ভৱনত বঙাইগাঁও জিলা কংগ্ৰেছৰ সমিতিৰ উদ্যোগত এক যোগদান সভা আৰু প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয় । সভাত অগপ লগতে বিভিন্ন দলৰ পৰা প্ৰায় অৰ্ধশতাধিক লোকে যোগদান কৰে কংগ্ৰেছত ৷ ইফালে মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীয়ে ৷ প্ৰতিবাদকাৰীসকলে আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰোধিতা কৰি উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

প্ৰতিবাদৰ পাচত উত্তৰ অভয়াপুৰীৰ কংগ্ৰেছ বিধায়ক আব্দুল বাতিন খন্দকাৰে চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ ‘‘মূল্যবৃদ্ধিয়ে দহিছে সমগ্ৰ ৰাজ্যতে ৷ কিন্তু শুই আছে চৰকাৰ ৷ নিৰ্বাচনৰ পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহ ক’ত গ’ল !’’ মূল্যবৃদ্ধিৰ সন্দৰ্ভত এই দৰে চৰকাৰক প্ৰশ্ন কৰে বিধায়কগৰাকীয়ে ৷ আনহাতে, সংসদৰ মজিয়াত সাংসদ গৌৰৱ গগৈয়ে দিয়া ভাষণৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৰা সমোলোচনাক প্ৰত্যুত্তৰ বিধায়ক আব্দুল বাতিন খন্দকাৰৰ ৷

তেওঁ কয়, ’’যেতিয়া সদনৰ মজিয়াত সাংসদ গৌৰৱ গগৈয়ে উদাত্ত ভাষণ দিলে তেতিয়াই দিক-বিদিক হেৰুৱাই পেলাইছে ৷ গৌৰৱ গগৈৰ ৰাজনৈতিক উত্থানত শংকিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত ৷ শিশু, অপৰিপক্ক, ইতিহাসৰ জ্ঞান নথকা গগৈয়ে কেনেকৈ সংসদত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পৰা ভাষণ দিলে ! তেখেতৰ প্ৰশ্নৰ উত্তৰ নাই প্ৰধানমন্ত্ৰীৰ ৷ সেয়ে মুখ্যমন্ত্ৰীয়ে প্ৰলাপ বকিছে ৷ গৌৰৱ গগৈয় ৰাজ্যৰ ৰাজনীতিলৈ আহিলে তিষ্ঠি থকাটো তেওঁৰ বাবে কঠিন হৈ পৰিব ৷ সেয়ে মুখ্যমন্ত্ৰীয়ে ভয়ত যিকোনো কথা কৈছে ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত যি দৰে সাংসদ গৌৰৱ গগৈয়ে শক্তিশালী ভূমিকা পালন কৰিছে তাৰ বাবে মুখ্যমন্ত্ৰী ভয়ত কস্পিত ৷ ’’

লগতে পঢ়ক:Timber smuggling in Assam: বইটামাৰীত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠভৰ্তি ট্ৰাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.