ETV Bharat / state

বঙাইগাঁৱত বীৰ চিলাৰায়ৰ সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

author img

By

Published : Nov 13, 2020, 6:41 PM IST

Updated : Nov 13, 2020, 7:02 PM IST

বীৰ চিলাৰায়ৰ নামত হব বঙাইগাঁৱত সংগ্ৰহালয় ৷ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

cm inaugurate silarai meusioum
বঙাইগাওঁত বীৰ চিলাৰায়ৰ সংগ্ৰহালয় আধাৰশিলা মুখ্যমন্ত্ৰীৰ

বঙাইগাঁও, 13 নৱেম্বৰঃ বঙাইগাঁৱত শুক্ৰবাৰে পাঁচটাকৈ নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এই প্ৰকল্প সমূহৰ ভিতৰত বঙাইগাঁও চহৰৰ দোলাইগাঁৱত এটা আধুনিক সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ বীৰ চিলাৰায়ৰ নামত হব এই সংগ্ৰহালয় ৷

বঙাইগাঁৱত বীৰ চিলাৰায়ৰ সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

কোঁচ-ৰাজবংশী জনগোষ্ঠীয় লোক সকলৰ পৰম্পৰা, ঐতিহ্য, সংস্কৃতি আদি সংৰক্ষিত হব এই সংগ্ৰহালয়ত ৷ নগৰ উন্নয়ন বিভাগৰ চি আই ডি এফ ফাণ্ডৰ অধীনত মুঠ ১.৯ কোটি টকা ব্যয়ৰে নিৰ্মাণ হব এই সংগ্ৰাহলয়টো ৷ এই আধাৰশিলাৰ পিচতে মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ফণীভূষন চৌধুৰী আৰু পীয়ুষ হাজৰিকাক ধন‍্যবাদ জনায় কোঁচ ৰাজবংশীয় বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় লোকে ৷

লগতে পঢ়কঃ সীমান্তত কেন্দ্ৰীয় নিৰাপত্তা বাহিনী মোতায়েনৰ ক্ষেত্ৰত মান্তি নহয় মিজোৰাম

Last Updated : Nov 13, 2020, 7:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.