বঙাইগাঁও,১৮ ছেপ্টেম্বৰ: বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত শৌলমাৰী বজাৰত এটা ছাগলীক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা(Heavy fighting between the two parties) । ঘটনাত গুৰুতৰভাৱে আহত মহিলাসহ চাৰিজনকৈ লোক(4 people injured in clash at Bongaigaon) ।
জানিব পৰা মতে খাইৰুল ইছলামৰ কন্যাই পথাৰৰ পৰা ছাগলী লৈ আহোতে ছুলেমান হুছেইনে আক্ৰমণ কৰে । আক্ৰমণৰ গোচৰ দিবলৈ বজাৰত আহি পোৱাৰ লগে লগে ছুলেমান হুছেইন,শহিদুল ইছলাম,ৰফিকুল ইছলাম আৰু পৰিয়ালৰ লোকে শৌলমাৰী বজাৰত ৰড,বাটামৰে পুনৰ আক্ৰমণ কৰে খাইৰুল ইছলামৰ পৰিয়ালক ।
মাৰপিটত এটা ফৈদৰ খাইৰুল ইছলাম,আৰজিনা খাতুন আৰু জায়েদা খাতুন আৰু আনটো ফৈদৰ ছবিয়া খাতুন গুৰুতৰভাৱে আহত হয়(Clash between two groups in Bongaigaon) । আহত চাৰিওজনকে কলগাছিয়াৰ অসামৰিক চিকিৎসালয়লৈ ১০৮ ৰে প্ৰেৰণ কৰে ।
লগতে পঢ়ক: বৰপথাৰ আৰক্ষীৰ জালত চাৰি নাৰী সৰবৰাহকাৰী