ETV Bharat / state

বঙাইগাঁৱত দিন দুপৰতে দুটাকৈ ধন লুটৰ ঘটনা

স্থানীয় লোকে দুৰ্বৃত্তৰ পিছ লৈ শিৱালী কমপ্লেক্সৰ সন্মুখত আটক কৰে দুৰ্বৃত্তটোক ৷ আৰক্ষী সূত্ৰই ব্যক্ত কৰা মতে, ধন লুটত জড়িত এই যুৱকজনৰ নাম অমৰ নাথ গোৱালা ৷

বঙাইগাঁও চহৰৰ ব্যস্ত এলেকাত দিন দুপৰতে দুটাকৈ ধন লুটৰ ঘটনা
author img

By

Published : May 28, 2019, 7:00 PM IST

বঙাইগাঁও,২৮ মে' : বঙাইগাঁও চহৰত মঙলবাৰে দিন দুপৰতে দুটাকৈ ধন লুটৰ ঘটনা । অৱশ্যে পাঁচ লাখ চাৰি হেজাৰ টকাসহ ধন লুটত জড়িত এজন যুৱকক কৰায়ত্ত কৰে স্থানীয় ৰাইজে ।

জানিব পৰামতে বঙাইগাঁও ভাকাৰিটাৰ বাসিন্দা জগন্নাথ সাহা নামৰ পঞ্চাশ ঊৰ্ধৰ লোকজনে বিনোদ হৰলালকা নামৰ ঠিকাদাৰজনৰ ফাৰ্মৰ বাবে দুপৰীয়া বাৰ মান বজাত বঙাইগাঁও মায়াপুৰীস্থিত ভাৰতীয় ষ্টেট বেংকৰ পৰা পাঁচ লাখ চাৰি হাজাৰ টকা সংগ্ৰহ কৰে ।ইফালে বেংকৰ বাহিৰত থোৱা জগন্নাথ সাহাৰ চাইকেলখনৰ তলত কেইবাখনো এশটকীয়া নোট পেলাই থয় দুৰ্বৃত্তই । বেংকৰ পৰা ওলাই আহি সাহাই নিজৰ টকা পৰিছে বুলি বুটলা মুহূৰ্ততে টকাৰ বেগ লৈ উধাও হয় দুৰ্বৃত্ত ৷ পিছত সাহাই চিঞৰ-বাখৰ কৰাত স্থানীয় লোকে দুৰ্বৃত্তৰ পিছ লৈ শিৱালী কমপ্লেক্সৰ সন্মুখত আটক কৰে দুৰ্বৃত্তটোক ৷ আৰক্ষী সূত্ৰই ব্যক্ত কৰা মতে, ধন লুটত জড়িত এই যুৱকজনৰ নাম অমৰ নাথ গোৱালা ৷

বঙাইগাঁও চহৰৰ ব্যস্ত এলেকাত দিন দুপৰতে দুটাকৈ ধন লুটৰ ঘটনা

ইফালে এই ঘটনাৰ এঘন্টা পাছতে আৰু এটা ধন লুটৰ ঘটনা সংঘটিত হয় ৷ ৰে'ল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বৰ্ষণগাঁৱৰ নিবাসী জীতেন্দ্ৰ চন্দ্ৰ সৰকাৰ নামৰ লোকজনে একেটা ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ পৰা ডেৰ লাখ টকা সংগ্ৰহ কৰি নিজৰ এ এছ ১৯ কে ০৩২৬ নম্বৰৰ স্কুটীত মোনাৰে সৈতে ভৰাই বঙাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় যদিও কাৰ্যালয়টোত কিছুসময় থাকি বাহিৰলৈ আহি দেখে যে স্কুটীৰ ডিকী খোল খাই আছে ৷ দুৰ্বৃত্তই তেওঁৰ ডিকীৰ তলা অন্য চাবিৰে খুলি ডেৰ লাখ টকা লুট কৰি নিয়াৰ লগতে মাটিৰ নথি- পত্ৰও লৈ যায় ৷ ঘটনাৰ পাছত জীতেন্দ্ৰ চন্দ্ৰ সৰকাৰে বঙাইগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে বেষ্টনীৰ মাজতো বঙাইগাঁও চহৰত এঘন্টাৰ ভিতৰতে দুটাকৈ ধন লুটৰ ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে সাধাৰণ ৰাইজক ।

Slug : As_Chg_28th May_806_Bongaigaon Mony snatch one arrest_vis & byte_Abdul Maleque Ahmed.

Send by ftp. 

বঙাইগাঁও চহৰত দিন দুপৰতে দুটাকৈ ধন লুটৰ ঘটনাঃ ধন লুটকাৰী যুৱকক ধন সহ আটক কৰিলে ৰাইজে।
পশ্চিম অসমৰ ব্যস্তময় চহৰ বঙাইগাঁৱত আজি দুপৰীয়া দুটাকৈ ধন লুটৰ ঘটনা সংঘটিত হয় ৷ অৱশ্যে ধন লুটত জড়িত এজন যুৱকক ঘটনাৰ পাছতে স্থানীয় লোকে লুট কৰা যুৱকজনক  পাঁচ লাখ চাৰি হেজাৰ টকা সহ উদ্ধাৰ কৰে ৷ জানিব পৰা মতে, বঙাইগাঁও ভাকাৰিটাৰ বাসিন্দা জগন্নাথ সাহা নামৰ পঞ্চাশ উৰ্ধৰ লোকজনে বিনোদ হৰলালকা নামৰ ঠিকাদাৰ জনৰ ফাৰ্মৰ বাবে দুপৰীয়া চাৰে বাৰ মান বজাত  বঙাইগাঁও মায়াপুৰীস্থিত ভাৰতীয় ষ্টেট বেংকৰ পৰা পাঁচ লাখ চাৰি হেজাৰ টকা সংগ্ৰহ কৰি বেংকৰ সন্মুখত ৰখা চাইকেলত টকাৰ বেগখন ৰখাৰ চেষ্টা কৰোতে চাইকেলখনৰ তলত কে'বাখনো এশটকীয়া নোট পেলাই দুৰ্বৃত্তই সাহাৰ টকা পৰিছে বুলি সাহাই টকা বুটলা মুহূৰ্ততে টকাৰ বেগ লৈ যুৱক উধাও হয় ৷ সাহাই চিঞৰ-বাখৰ কৰাত স্থানীয় লোকে দুৰ্বৃত্তৰ পিছ লৈ শিৱালী কমপ্লেক্সৰ সন্মুখত আটক কৰে ৷ লগতে লুট কৰা টকাও উদ্ধাৰ কৰে ৷ স্থানীয় ৰাইজে ধন লুটত জড়িত যুৱক জনক লপা- কৃপা দি পাছলৈ বঙাইগাঁও আৰক্ষীক গটাই দিয়ে ৷ আৰক্ষী সূত্ৰই ব্যক্ত কৰামতে, ৰেলেৰে অহা ধন লুটত জড়িত যুৱক জনৰ নাম অমৰ নাথ গোৱালা (১৮) ৷ ঘৰ পশ্চিম বংগৰ জলপাইগুৰি জিলাৰ পাটাপুলুম গাঁৱত ৷ ধৃত যুৱকজনে বঙাইগাঁৱত প্ৰথমবাৰ এই দুষ্কাৰ্যত জড়িত বুলি প্ৰকাশ কৰিছে যদিও পূৰ্বৰ পৰাই যুৱকজন ধন লুটত জড়িত বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে, এই ঘটনাৰ এঘন্টা পাছতে আৰু এক ধন লুটৰ ঘটনা সংঘটিত হয় ৷ ৰেল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বৰ্ষণগাঁও নিবাসী জীতেন্দ্ৰ চন্দ্ৰ সৰকাৰ নামৰ লোকজনে একেটা ভাৰতীয় ষ্টেট বেংকৰ পৰা ডেৰ লাখ টকা সংগ্ৰহ কৰি নিজৰ  এ এছ ১৯ কে ০৩২৬ নম্বৰৰ স্কুটীৰ ডিকীত মোনাৰে স'তে ভৰাই বঙাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিতক হয় যদিও কাৰ্যালয়টোত কিছুক্ষণ সময় থাকি বাহিৰলৈ আহি দেখে যে স্কুটীৰ ডিকী খোল খাই আছে ৷ দুৰ্বৃত্তই তেওঁৰ ডিকীৰ তলা অন্য চাবিৰে খুলি ডেৰ লাখ টকা লুট কৰি নিয়াৰ লগতে মাটিৰ নথি- পত্ৰও লৈ যায় ৷ ঘটনাৰ পাছত জীতেন্দ্ৰ চন্দ্ৰ সৰকাৰে বঙাইগাঁও সদৰ থানাত এখনি এজাহাৰ দাখিল কৰিছে ৷ আৰক্ষী-নিৰাপত্তৰক্ষীয়ে গিজগিজাই থকা বঙাইগাঁও চহৰত এঘন্টাৰ ভিতৰতে দুটাকৈ ধন লুটৰ ঘটনাই ৰাইজক চিন্তিত কৰি তুলিছে ৷

বাইট দিলো । 

প্ৰেৰক : আব্দুল মালেক আহমেদ,চিৰাং…
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.