বঙাইগাঁও, 12 নৱেম্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বঙাইগাঁও ভ্ৰমণৰ প্ৰাকক্ষণত বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰে বঙাইগাঁও জিলা কংগ্ৰেছে ৷ সংবাদমেলত জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায় সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ৷ সভাপতি গৰাকীয়ে কয় যে, 13 নৱেম্বৰত মুখ্যমন্ত্ৰী গৰাকীয়ে আধাৰশিলা স্থাপনৰ বাবে আহিব যদিও সেইয়া কেৱল মাত্ৰ নিৰ্বাচনৰ আগমূৰ্হুতত এটা ধামাকাহে ৷ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেও মুখ্যমন্ত্ৰীগৰাকী বঙাইগাঁৱলৈ আহি ইঞ্জিনীয়াৰিঙ কলেজৰ আধাৰশিলা স্থাপন কৰি গৈছিল যদিও মূৰকত একোৱেই নহ'ল ইঞ্জিনিয়াৰিং কলেজৰ ৷ যাৰ বাবে মুখ্যমন্ত্ৰীক নিৰ্বাচনী ধামাকা নিদিবলৈ আহ্বান জনোৱাৰ লগতে বঙাইগাঁৱবাসীক ভুৱা প্ৰতিশ্ৰুতিৰে আভুৱা নভৰাবলৈও আহ্বান জনায় সভাপতি শংকৰ প্ৰসাদ ৰায়ে ৷
তদুপৰি বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে স্থানীয় বিধায়ক তথা যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীক এগৰাকী অকৰ্মণ্য মন্ত্ৰী বুলি আখ্যা দিয়ে ৷ মন্ত্ৰীগৰাকীৰ প্ৰতিটো কামেই আধৰুৱা বুলিও অভিযোগ কৰে সভাপতিগৰাকীয়ে ৷ আনহাতে, মন্ত্ৰী ফণীভূষণ চৌধুৰী দীৰ্ঘদিনৰ পৰাই দুৰ্নীতিত নিমজ্জিত বুলি সংবাদমেলত অভিযোগ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷
লগতে পঢ়কঃ উজনি আৰু উত্তৰ অসমৰ ৪৯ টা সমষ্টিলৈ বিজেপিৰ চকু কিয় ?