বঙাইগাঁও,১৭ ডিচেম্বৰ: ৰাজ্যত অব্যাহত আছে বার্মিজ চুপাৰিৰ বৃহৎ ছিণ্ডিকেট । সক্রিয় হৈ আছে ছিণ্ডিকেট বাহিনী । প্ৰতি নিশাই ৰাষ্ট্ৰীয় ঘাইপথেৰে সৰবৰাহ হয় চুপাৰিভর্তি ট্রাক । চলিত বৰ্ষৰ সাত আগষ্টত বঙাইগাঁও জিলাৰ বইটামাৰীৰ তেল ডিপোৰ ওচৰত এখন বার্মিজ চুপাৰিভর্তি ট্রাক জব্দ কৰাৰ পিছত দেওবাৰেও জিলাখনৰ তালগুৰি নিত্যবজাৰৰ ওচৰত এখন চুপাৰিভৰ্তি ট্ৰাক জিলাখনৰ জি এছ টি বিভাগৰ লোকে জব্দ কৰি কার্যালয়লৈ লৈ আহে ।
AS-01-GC-484 ৰ নম্বৰৰ চুপাৰিভর্তি ট্রাকেৰে চিৰাং জিলাৰ বিজনীৰ দুটুৰী অঞ্চলৰ পৰা বঙাইগাঁও, ধুবুৰীৰ ছাগলীয়া গেট হৈ নাগপুৰলৈ গৈ থকা অৱস্থাত বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকীৰ অন্তৰ্গত তালগুৰিৰ নিত্যবজাৰৰ ওচৰত জি এছ টি বিভাগৰ লোকে জব্দ কৰিবলৈ সক্ষম হয় । অবৈধ কাগজ-পত্ৰৰে নিশাৰ ভিতৰত অসমৰ মাজেৰে পাৰ হৈ যাবলৈ ধৰোতে জব্দ হয় চুপাৰিভর্তি ট্রাকখন ।
জানিবপৰা মতে, বার্মিজ চুপাৰিক লোকেল চুপাৰি সজাই বহিঃৰাজ্যলৈ সৰবৰাহ কৰি আছে সক্রিয় হৈ থকা ছিণ্ডিকেট বাহিনীয়ে । ৰাজ্যৰ একাংশ ৰাজনৈতিক নেতা, আৰক্ষীৰ লগত গোপন বুজাবুজিৰে দীর্ঘ দিনৰে পৰা চলাই আহিছে চুপাৰিৰ অবৈধ ক'লা বজাৰ । বি টি আৰৰ চিৰাং জিলাৰ বিজনীৰ পৰা এই চুপাৰি ছিণ্ডিকেট নিয়ন্ত্রণ কৰি আছে কেইবাগৰাকী চুপাৰি মাফিয়াই ।
আনোৱাৰ, মজিবৰ আৰু বাবুল নামৰ লোককেইজনৰ নেতৃত্বত এই ক'লা বেপাৰ চলি থকাৰ অভিযোগ উত্থাপন হৈছে । জি এছ টি ফাঁকি দি তথা জাল কাগজ-পত্র-নথি ৰাতিৰ ভিতৰতে সাজু কৰি বহিঃৰাজ্যলৈ সৰবৰাহ কৰি আছে এই চুপাৰিসমূহ । ম্যানমাৰৰ পৰা অবৈধভাৱে আৰু গোপনে আৰক্ষী আৰু একাংশ ৰাজনৈতিক নেতাৰ হস্তক্ষেপত চিৰাঙৰ বিজনীলৈ দুটুৰী, কাউৱাটিকা আদি অঞ্চলত থকা বৃহৎ বৃহৎ গুদামলৈ আহে বার্মিজ চুপাৰিৰ ট্রাক ।
বিজনীৰ অবৈধ গুদামলৈ অহাৰ পাছত সেয়া স্থানীয় চুপাৰি বুলি পেকেটিং কৰি ট্রাকেৰে শ শ বস্তা বহিঃৰাজ্যলৈ প্ৰেৰণ কৰে চুপাৰি মাফিয়া চক্ৰটোৱে । ৰাতিৰ ভিতৰত ইফাল-সিফাল কৰি ট্রাকেৰে বিভিন্ন বিভাগৰ চকুত ধূলি দি বিজনীৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে মাজৰাতি সৰবৰাহ কৰে এই চুপাৰিসমূহ । ইপিনে দীর্ঘদিনৰ পৰা এইদৰে সন্দেহজনক বার্মিজ চুপাৰি সৰবৰাহ হৈ থকা বুলি জনায় আজি জব্দ কৰা বাহনখনৰ চালকে । দেওবাৰে ট্রাকখন জব্দ কৰি বঙাইগাঁও কৰ বিভাগে তথা জি এছ টি বিভাগৰ লোকে সকলো নথি-পত্ৰ পৰীক্ষা কৰি তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক: পৰিবহন বিভাগৰ অভিযানত বাৰ্মিজ চুপাৰি ভৰ্তি বাহন জব্দ