বঙাইগাঁও, 26 এপ্ৰিল : বঙাইগাঁও জিলাত দেওবাৰে বন বিভাগৰ অভিযান ৷ অভিযানত বঙাইগাঁৱৰ এটা ভাণ্ডাৰত জব্দ বুজন পৰিমাণৰ কাঠ ৷ মাণিকপুৰৰ আইভেলী ডিভিজনৰ বন বিষয়া বসন্ত কুমাৰ তালুকদাৰৰ নেতত্বত চলাইছিল এই অভিযান ৷
গোপন সূত্ৰৰ অনুসৰী পৰিতাক্ত অৱস্থাত কাঠৰখিনি জব্দ কৰে ৷ জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় লক্ষাধিক টকা হ’ব বুলি বন বিভাগে প্ৰকাশ কৰে ৷ সম্প্ৰতি জব্দ কৰা কাঠখিনি মানিকপুৰ উপখণ্ডৰ কাৰ্যলয়ত ৰখা হয় ৷
লগতে পঢ়ক : বাগদাদৰ চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত 82 গৰাকী ৰোগীৰ মৃত্যু