ETV Bharat / state

আকৌ ডাইনী কাণ্ডঃ বঙাইগাঁৱত ডাইনীৰ সন্দেহত প্ৰহাৰ দুজনক - ডাইনী কাণ্ড

শুকুৰবাৰে নিশা বঙাইগাঁও জিলাৰ নৰ্থ বইটামাৰীত ডাইনীৰ সন্দেহত প্ৰহাৰ দুজনক । গোবিন্দ বৰ্মণ নামৰ এজন যুৱকে প্ৰহাৰ কৰে একেটা পৰিয়ালৰ দুজন লোকক ৷

বঙাইগাঁৱত ডাইনী কাণ্ডৰ বলি এগৰাকী মহিলা
author img

By

Published : Jul 6, 2019, 1:21 PM IST

বঙাইগাঁও, 6 জুলাইঃ চৰকাৰ তথা জিলা প্ৰশাসন আৰু স্বেচ্ছাসেৱী সংগঠন সমূহৰ ডাইনী সংক্ৰান্তীয় সজাগতাই বৰ্তমানেও স্পৰ্শ কৰিব পৰা নাই ৰাজ্যৰ বহু কেইটা গ্ৰামাঞ্চল ৷ শুকুৰবাৰে নিশা অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ প্ৰতিফলন ঘটিল বঙাইগাঁৱত৷ জানিব পৰা মতে বঙাইগাঁও সদৰৰ সমীপৰ নৰ্থ বইটামাৰীৰ সুখবাস পাৰা গাঁৱত গোবিন্দ বৰ্মণ নামৰ এজন যুৱকে ডাইনী সন্দেহত একে গাঁৱৰে বিবাহিতা মহিলা পূৰ্ণিমা ৰায় আৰু তেওঁৰ ভাতৃ মুকুল ৰায়ক প্ৰহাৰ কৰাৰ লগতে ভাবুকি প্ৰদান কৰে ৷

বঙাইগাঁৱত ডাইনী কাণ্ডৰ বলি এগৰাকী মহিলা

এনে অৱস্থাত পূৰ্ণিমা আৰু তেওঁৰ ভাতৃ মুকুলে ঘটনা সংক্ৰান্তত আৰক্ষীক অৱগত কৰে৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু নিশাই গোবিন্দ বৰ্মণক আটক কৰি লৈ যায় ৷ আনহাতে আঘাতপ্ৰাপ্ত পূৰ্ণিমা আৰু মুকুলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে ৷

লগতে পঢ়কঃ এন আৰ চি আৰু এটা হত্যাকাণ্ড

Intro:নিশা বঙাইগাঁও জিলাৰ নৰ্থ বইটামাৰীত ডাইনী কাণ্ডৰ অভিযোগ । নৰ্থ বইটামাৰীৰ সুখবাশপাৰাত ডাইনী সন্দেহত দুজনক প্ৰহাৰ। গোবিন্দ বৰ্মণ নামৰ যুৱক গৰাকীয়ে প্ৰহাৰ কৰে একেটা পৰিয়ালৰ দুজনক। জ্যেষ্ঠা ভগ্নী পূৰ্ণিমা বৰ্মণ আৰু পূৰ্ণিমাৰ ভাতৃ মুকুল ৰায়ক এচাৰিৰে প্ৰহাৰ। গোবিন্দ বৰ্মণক সোধপোচৰ বাবে আটক বঙাইগাঁও আৰক্ষীৰ। Body:চৰকাৰ তথা জিলা প্ৰশাসন আৰু স্বেচ্চাসেৱী সংগঠন সমূহৰ ডাইনী সংক্ৰান্তীয় সজাগতাই যেন স্পৰ্শ কৰিব পৰা নাই গ্ৰাম্যাঞ্চলত ৷ সমাজত যে এতিয়াও অন্ধবিশ্বাস আৰু কু সংস্কাৰে আৱৰি আছে তাৰেই প্ৰতিফলন ঘটে শুক্ৰবাৰে নিশা ৷ ঘটনাৰ বিৱৰণি অনুসৰি শুক্ৰবাৰে নিশা বঙাইগাঁও সদৰৰ সমীপৰ নৰ্থ বইটামাৰীৰ সুখবাস পাৰা গাঁৱত অন্ধ বিশ্বাসৰ বশৱৰ্তী এক ডাইনী কাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই ঘটনাত গোবিন্দ বৰ্মণ নামৰ যুৱক এজনে ডাইনী সন্দেহত একে গাঁওৰে বিবাহিতা মহিলা পূৰ্ণিমা ৰায় আৰু তেঁওৰ ভাতৃ মুকুল ৰায়ক প্ৰহাৰ কৰাৰ লগতে ভাবুকি প্ৰদান কৰে ৷ এনে অৱস্থাত ত্ৰস্তমান পূৰ্ণিমা আৰু তেঁওৰ ভাতৃ মুকুলে ঘটনা সংক্ৰান্তত আৰক্ষীক অৱগত কৰায় ৷ আৰক্ষীয়ে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু নিশাই গোবিন্দ বৰ্মণক আটক কৰি লৈ যায় ৷ আনহাতে আঘাতপ্ৰাপ্ত পূৰ্ণিমা আৰু মুকুলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ ঘটনাটোৱে বৃহত্তৰ বইটামাৰী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

বাইট : ডাইনীৰ বলি মহিলা । Conclusion:সাধাৰনতে জনজাতী অধ্যুশিত অঞ্চলতহে ডাইনী কাণ্ড সংঘটিত হোৱা পৰিলক্ষিত হয় যদিও এইবাৰ বঙাইগাঁও জিলাৰ বইটামাৰীত কোঁচ ৰাজবংশী অধ্যুশিত অঞ্চলত সংঘটিত হল ডাইনী সন্দেহৰ ঘটনা । গ্ৰামাঞ্চল সমুহত শিক্ষাৰ অভাৱ আৰু স্বাস্থ্য সম্পৰ্কে সজাগতাৰ অভাৱৰ বাবেই অন্ধবিশ্বাসৰ বলি হৈ এই সকল লোক ডাইনী কাণ্ডৰ সৈতে জড়িত হৈ পৰে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.