বঙাইগাঁও,23 নৱেম্বৰ : সোমবাৰে বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁও স্থিত ৰে'লৱে ৱ'ৰ্কশ্বপত ট্ৰেড ইউনিয়ন সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সংবাদ মেল ৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জন বিৰোধী নীতিৰ বিৰুদ্ধে একত্ৰিত হৈছে সকলো ইউনিয়ন তথা দল সংগঠন ৷ 26 নৱেম্বৰত সাধাৰন ধৰ্মঘটৰ আহ্বান জনাইছে ইউনিয়নে ৷ এই ধৰ্মঘটৰ সফল ৰূপায়নৰ বাবে ঠায়ে ঠায়ে বিভিন্ন সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰিছে বুলি সংবাদমেলত ঘোষণা কৰে ৷
উল্লেখ্য যে, সংবাদ মেলত টোল গেটৰ বিৰোধিতা কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে আৰু ৰে'ল তথা অন্যান্য বিভাগ সমূহক ব্যক্তিকৰণ কৰাৰ বিৰোধিতা কৰে ৷ সংবাদ মেলখনত উত্তৰ-পূৰ্বাঞ্চল ৰে'ল কৰ্মচাৰী ইউনিয়নৰ সাধাৰণ সম্পাদক আশিস বিশ্বাস উপস্থিত থাকে ৷
লগতে পঢ়ক:কলিয়াবৰ পৰ্যটনৰ ক্ষেত্ৰত প্ৰশিক্ষণ শিৱিৰ স্থাপন কৰিছে টুৰিষ্ট গাইডে