ETV Bharat / state

খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ প্ৰক্ৰিয়া বিসংগতিপূৰ্ণঃ সদৌ অসম সূত্ৰধৰ সন্মিলনী - Assam Accord clause 6

বঙাইগাওঁ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি সদৌ অসম সূত্ৰধৰ সন্মিলনী আৰু সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াই ৰাজ্যৰ খিলঞ্জীয়াৰ সংঞ্জা নিৰূপণ প্ৰক্ৰিয়াত ভূমিপুত্ৰ সূত্ৰধৰসকলক এলাগী কৰা হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে ৷

খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ প্ৰক্ৰিয়া বিসংগতিপূৰ্ণঃ সদৌ অসম সূত্ৰধৰ সন্মিলনী
author img

By

Published : Aug 25, 2019, 7:12 PM IST

বঙাইগাওঁ, 25 আগষ্টঃ বহুচৰ্চিত অসমৰ খিলঞ্জীয়া নিৰূপণ প্ৰক্ৰিয়াত ভূমিপুত্ৰ সূত্ৰধৰসকলক প্ৰায় একাষৰীয়া কৰাত সদৌ অসম সূত্ৰধৰ সন্মিলনী আৰু সূত্ৰধৰ ছাত্ৰ সন্থাই ক্ষোভ প্ৰকাশ কৰিছে ৷ সংগঠন দুটাৰ স্পষ্ট দাবী- অসমীয়া খিলঞ্জীয়া ভুমিপুত্ৰ সূত্ৰধৰসকলক বাদ দি অসমীয়াৰ সংজ্ঞা কেতিয়াও মানি লোৱা নহ'ব । সূত্ৰধৰসকলক বাদ দি অসম চুক্তিৰ 6নং দফাৰ ৰূপায়ণ কৰিবলৈ লোৱা কাৰ্য নিন্দনীয় বুলি অভিহিত কৰে সংগঠনদ্বয়ৰ বিষয়ববীয়াই ৷

খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ প্ৰক্ৰিয়া বিসংগতিপূৰ্ণঃ সদৌ অসম সূত্ৰধৰ সন্মিলনী

আনহাতে অসমত সূত্ৰধৰসকল নিজৰ অস্তিত্বৰ সংকটত পৰি অইন জনগোষ্ঠীৰ সৈতে চামিল হোৱাৰ কথাটোতো নিজৰ উদ্বিগ্নতা ব্যক্ত কৰে সন্মিলনীৰ সভাপতি পৰমেশ্বৰ সূত্ৰধৰে ৷ খিলঞ্জীয়া ভূমিপুত্ৰ সূত্ৰধৰসকলক ইতিহাসৰ বিভিন্ন সময়ত বিশেষকৈ অসম আন্দোলনৰ সময়ত বহিৰাগত বুলি প্ৰতিপন্ন কৰাৰ চেষ্টা চলাই যথেষ্ট হাৰাশাস্তি কৰাৰ অভিযোগও উত্থাপন কৰে ৷ সংবাদমেলত সদৌ অসম সূত্ৰধৰ সন্মিলনীৰ সভাপতি পৰমেশ্বৰ সূত্ৰধৰ,সাধাৰণ সম্পাদক বিৰাজ মোহন সূত্ৰধৰ, সদৌ অসম সুত্ৰধৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সুখধৰ সূত্ৰধৰ,সদৌ বিটিচি সূত্ৰধৰ সন্মীলনীৰ সভাপতি অমুল্য সূত্ৰধৰ আৰু সম্পাদক মাধৱ সুত্ৰধৰসহ ভালে সংখ্যক লোক উপস্থিত থাকে ।

Intro:বঙাইগাঁওত সদৌ অসম সূত্ৰধৰ সন্মিলনী আৰু সদৌ অসম সুত্ৰধৰ ছাত্ৰ সন্থাৰ যৌথ সভা। অসমৰ খিলঞ্জীয়া তালিকাৰ পৰা বাদ পৰিছে সুত্ৰধৰ সকল।

Body:আজি বঙাইগাঁওৰ গ্ৰেটাৰ বঙাইগাঁও প্ৰেচক্লাৱত অনুষ্টিত সভাৰ পিচতে সংবাদ মেল সম্বোধন কৰি সন্মিলনীৰ সভাপতি পৰমেশ্বৰ সুত্ৰধৰে কয় যে অসমত অসমীয়া বিভিন্ন দল সংগঠন তথা বুদ্ধিজীৱী সকলে অসমৰ ইতিহাস নজনাকৈয়ে খিলঞ্জীয়াৰ সংঞ্জা নিৰ্দ্ধাৰনত ব‍্যাস্থ হৈ পৰি ইয়াক আমি গৰিহনা জনাইছো । অসমীয়া খিলঞ্জীয়া ভুমিপুত্ৰ সুত্ৰধৰ সকলক বাদ দি অসমীয়াৰ সংঞ্জা কেতিয়াও মানি লোৱা নহব বুলি কয় । সুত্ৰধৰ সকলক বাদ দি অসম চুক্তিৰ ছয় নং দফাৰ ৰূপায়ন কৰিবলৈ লোৱা কাৰ্য নিন্দনীয় বুলি কয় । অসমত সুত্ৰধৰ সকল নিজৰ অস্থিত্বৰ সংকটত পৰি অইন জনগোষ্টীৰ সৈতে চামিল হোৱাৰো দাবী কৰে ।

বাইট দুটা দিলো ।

গাঁওত

Conclusion:এই সংবাদ মেলত সদৌ অসম সুত্ৰধৰ সন্মিলনীৰ সভাপতি পৰমেশ্বৰ সুত্ৰধৰ,সাধাৰণ সম্পাদক বিৰাজ মোহন সুত্ৰধৰ, সদৌ অসম সুত্ৰধৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সুখধৰ সুত্ৰধৰ,সদৌ বিটিচি সুত্ৰধৰ সন্মীলনীৰ সভাপতি অমূল‍্য সুত্ৰধৰ, সম্পাদক মাধৱ সুত্ৰধৰ সহ ভালে সংখ‍্যক লোক উস্থিত থাকে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.