ETV Bharat / state

বঙাইগাঁৱত ছাত্ৰ-ছাত্ৰীৰ মহানুভৱতাই মুগ্ধ কৰিছে একাংশক ! - বঙাইগাঁৱত ছাত্ৰ-ছাত্ৰীৰ মহানুভৱতাই মুদ্ধ কৰিছে একাংশক

নিজৰ সাঁচতিয়া ধনেৰে বিভিন্ন খাদ্য সামগ্ৰী, কাপোৰ, কাগজ-কলম প্ৰদান অনাথ শিশুক ৷ ছাত্ৰ ছাত্ৰীৰ এই কামক শলাগিলে বঙাইগাৱঁৰ ৰাইজে ৷

বঙাইগাঁও
author img

By

Published : Nov 23, 2019, 4:31 AM IST

বঙাইগাঁও, 23 নৱেম্বৰ: "মানুহে মানুহৰ বাবে যদিহে অকনো নাভাৱে" শীৰ্ষক গীতটিক অনুুসৰণ কৰি মহানুভৱতাৰ এক উদাহৰণ দাঙি ধৰিলে বঙাইগাঁও জিলাৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৷

বঙাইগাঁও
"মানুহে মানুহৰ বাবে যদিহে অকনো নাভাৱে"

বঙাইগাঁও ইংলিছ মিডিয়াম হায়াৰচেকেণ্ডাৰী (মেনন) স্কুলৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে শুকুৰবাৰে চহৰৰ মহাবীৰস্থানত থকা আনন্দমাৰ্গ অনাথ শিশু আশ্ৰমত বিতৰণ কৰে বস্ত্ৰ , চাউল, শাক-পাচলি, কাগজ, কলম, বহীৰ লগতে বিভিন্ন শিশুখাদ্য ৷

"মানুহে মানুহৰ বাবে যদিহে অকনো নাভাৱে"

উল্লেখ্য যে সম্পূৰ্ণ নিজাববীয়াকৈ সংগ্ৰহ কৰা ধনেৰে এই সামগ্ৰীসমূহ বিতৰণ কৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ সমন্বয় আৰু ভাতৃত্ববোধৰ বাৰ্তা প্ৰেৰণৰ উদ্দেশ্যে এই পদক্ষেপ হাতত লয় ছাত্ৰ-ছাত্ৰীসকলে ৷ ছাত্ৰ ছাত্ৰীসকলৰ এই পদক্ষেপে আনন্দত আত্মহাৰা কৰি তোলে অনাথ আশ্ৰমৰ কন কন শিশুসকলক ৷

বঙাইগাঁও
"মানুহে মানুহৰ বাবে যদিহে অকনো নাভাৱে"

বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ এই কাৰ্যক সলাগ লয় অনাথ আশ্ৰমৰ গুৰুজীয়ে ৷

Intro:বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মহানুভৱতা বঙাইগাৱঁত ৷ নিজৰ সাচঁতিয়া ধন আনি,বিভিন্ন খাদ্য সামগ্ৰী,কাপোৰ,কাগজ,কলম বিলালে অনাথ শিশুক ৷ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ এই কামৰ বাবে শলাগিলে বঙাইগাৱঁৰ ৰাইজে ৷

Body:এয়া বঙাইগাৱঁৰ চহৰৰ পৰিৱেশ ৷ চহৰৰ বঙাইগাঁও ইংলিচ মিডিয়াম হায়াৰচেকণ্ডাৰী (মেনন) স্কুলৰ দশম আৰু দ্বাদশ শ্ৰেনীৰ ছাত্ৰ ছাত্ৰীয়ে চহৰৰ মহাবীৰস্থানত থকা আনন্দমাৰ্গ অনাথ শিশু আশ্ৰমত বিলালে বিভিন্ন শিশুখাদ্য ,বস্ত্ৰ , চাউল,শাক পাচলি,কাগজ,কলম,বহী ৷ অনাথ অশ্ৰমৰ শিশুৰ দ্বাৰা কেগ কাটি ইজনে সিজনক বিলালে, বিভিন্ন আহাৰ খুৱাই আনন্দ কৰিলে শিশু সকলে ৷ বিলালে সমন্বয় আৰু ভাতৃত্ববোধৰ বাৰ্তা ৷
বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ লগত এনেদৰে আনন্দ কৰি আত্মহাৰা অনাথ আশ্ৰমৰ কন কন ছাত্ৰসকল ৷ অনাথ আশ্ৰমৰ গুৰুজীয়েও শলাগ ললে এনে মহৎ কাৰ্যক ৷ বঙাইগাঁও ইংলিচ মিডিয়াম হায়াৰচেকণ্ডাৰী (মেনন) স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে সম্পুৰ্ণ নিজাববীয়াকৈ সংগ্ৰহ কৰা ধনেৰে এই দান দিয়ে ।

বাইট : ছাত্ৰী,শিক্ষক আৰু অনাথ আশ্ৰমৰ লোকৰ।

Conclusion:ইপিনে বিদ্যালয খনৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰী সকলেও অনাথ আশ্ৰমত থকা দুখীয়া,নিচলা ছাত্ৰ সকলৰ সামৰ্থ অনুসাৰে বিভিন্ন খাদ্য বস্তু,কাপোৰ দিব পাই এক প্ৰকাৰ আত্মহাৰা ৷ মানুহৰ প্ৰতি মানুহৰ যি ভালপোৱা বা সহানুভূতিৰ প্ৰয়োজন সেয়া ছাত্ৰ ছাত্ৰীৰ মনত সাজঁ বহুৱাবলৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে এই পদক্ষেপ হাতত লৈছে ৷ শিশু সকলৰ মাজত যাতে মানৱতাৰ বিজ ৰোপন হব পাৰে সেয়ে এই পৰিকল্পনা কৰে ছাত্ৰ ছাত্ৰী সকলে ৷

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.