ETV Bharat / state

বঙাইগাঁৱত কোৱাৰেন্টাইন চেন্টাৰত বান পানী - জিলা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ

বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ঔ ডুবিৰ খেলুৱাপাৰা চতুৰ্থ খণ্ড প্ৰাথমিক বিদ্যালয় কোৰেইনটাইন কেন্দ্ৰত বানৰ তাণ্ডৱ । হাহাকাৰ অৱস্থা আৱাসীৰ মাজত ।

Bongaigaon quraintine centre in flood
বঙাইগাঁৱত কোৱাৰেন্টাইন চেন্টাৰত বান পানী
author img

By

Published : Jun 25, 2020, 9:11 PM IST

বঙাইগাঁও,25জুনঃ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ঔ ডুবিৰ খেলুৱাপাৰা চতুৰ্থ খণ্ড প্ৰাথমিক বিদ্যালয় থকা কোৱাৰেন্টাইন কেন্দ্ৰত বানৰ তাণ্ডৱ। বিচনা যোগান নধৰাত মজিয়াতে থাকিব লগীয়া হোৱাৰ লগতে অন‍্যান‍্য মৌলিক প্ৰয়োজনীয় সুবিধাৰ পৰাও বঞ্চিত বুলি আৱাসীসকলে অভিযোগ কৰিছে। ইপিনে শৌচালয়,খোৱা পানীৰ বাবে থকা একমাত্ৰ দমকল পানীত বুৰ যোৱাৰ ফলত খোৱা পানীৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । জিলা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে আৱাসী সকলে ।

বঙাইগাঁৱত কোৱাৰেন্টাইন চেন্টাৰত বান পানী
উল্লেখযোগ্য যে, কেইবাদিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি পাইছে বৰলুইতৰ পানী। বৰলুইতৰ পানীয়ে বুৰাইছে বিস্তীৰ্ণ অঞ্চল। লগে লগেই কোৱাৰেন্টাইন কেন্দ্ৰ সমূহতো পানী সোমােৱাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । জিলা প্ৰশাসনক অৱগত কৰাৰ পাছতো কোনো পদক্ষেপ গ্ৰহণ নকৰাত চিন্তিত হৈ পৰিছে কোৱাৰেন্টাইন আৱাসী সকল।
লগতে পঢ়কঃ নৱম স্থানত উজলিল বঙাইগাঁৱৰ অজশ্বেতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.