বঙাইগাঁও, 14 ডিচেম্বৰঃ ক্ষোভৰ দাবানল যেন শেষেই হোৱা নাই অসম ভূমিত ৷ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত অসমৰ শেহতীয়া পৰিস্থিতি ভয়ংকৰ ৷ যোৱা 12 ডিচেম্বৰৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাত বন্ধ হৈ আছে ইন্টাৰনেট সেৱা ৷ সান্ধ্য আইনকো নেওচি স্বতঃস্ফুৰ্তভাৱে ওলাই আহিছে হেজাৰ হেজাৰ লোক ৷ ক্ৰমাৎ যেন সুস্থিৰ হৈছে পৰিৱেশ ৷ শিথিল কৰা হৈছে বিভিন্ন ঠাইৰ 144 ধাৰা ৷ তথাপিও অহৰহ গতিত চলি আছে প্ৰতিবাদ ৷ বঙাইগাঁৱত জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ একত্ৰিত বৃহৎ প্ৰতিবাদী সমাৱেশ ৷ বঙাইগাঁৱৰ বৰপাৰাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয় বৃহৎ প্ৰতিবাদী সমাৱেশৰ।
এই সমাৱেশত অংশগ্ৰহণ কৰে জিলাখনৰ সকলো দল সংগঠন ৷ আছু, আক্ৰাছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, চি.পি.আই আৰু চি.পি.আই.এমসহ শিল্পী সমাজ, সুত্ৰধৰ ছাত্ৰ সন্থা,নাথযোগী ছাত্ৰ সন্থা,কৰ্মচাৰী পৰিষদ,চিটু,বাৰ কাউন্সিল,গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদসহ অন্যান্য কেবাটাও দল সংগঠনৰ আহ্বানত আয়োজিত এই অনুষ্ঠানত কোনোপধ্যেই নাগৰিকত্ব সংশোধনী আইন মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে ৷ অসমীয়া জাতিৰ আৱেগক মোহাৰি ৰাজ্য চৰকাৰে এই নাগৰিকত্ব সংশোধনী আইনক অনাৰ বাবে দিল্লীক ৰঙা দলিচা পাৰি দিছে আৰু ই অসমীয়া জাতিয়ে কেতিয়াও মানি নলয় বুলিও মন্তব্য প্ৰদান কৰে ৷ গণতান্ত্ৰিক আন্দোলনৰ সমান্তৰালকৈ আইনী যুঁজ দিয়াৰো পোষকতা কৰে সকলো দল সংগঠনৰ নেতৃত্বই।
এই সমাৱেশৰ পৰাই বঙাইগাঁও সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধেও হুংকাৰ প্ৰদান কৰে ৷ এই সমাৱেশত আলফাকো কঠোৰভাৱে সমালোচনা কৰে বিভিন্ন দল-সংগঠনে। কাৰণ স্বাধীন অসমৰ সপোন দেখুৱাই গঠন কৰা দলটো অসম তথা অসমীয়াৰ বিপদৰ সময়ত নিমাত থকা বুলি অভিযোগ কৰে। সমাৱেশত ভাৰত চৰকাৰৰ দমনমুলক নীতিৰ বিৰোধিতা কৰি স্বাধীন অসমৰ পোষকতা কৰাও পৰিলক্ষিত হয় ।
আৰু পঢ়কঃ সান্ধ্য আইন বাহাল যদিও উন্নত হৈছে গুৱাহাটীৰ পৰিস্থিতি