ETV Bharat / state

স্বাধীন ভাৰতৰ এখন পৰাধীন গাঁও, ক'ত আছে এই গাঁওখন ? - শিক্ষাৰ সু ব্যৱস্থা

একবিংশ শতিকাৰ বিশ্বায়নৰ যুগতো অসমৰ এখন গাঁৱত নাই বিজুলী ব্য়ৱস্থা, নাই উপযুক্ত ঘৰ তথা বিজ্ঞানসন্মত শৌচালয় ৷ বঙাইগাঁও জিলাৰ ঘিলাগুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত চুৱাশালিপাৰা গাঁওখনত বৰ্তমানলৈ কোনো এটা পৰিয়ালৰ নাই চৰকাৰী আবাসগৃহ ৷ আনকি, বিজুলিৰ পোহৰেও ঢুকি পোৱা নাই গাঁওখনক ৷ স্বাধীনতাৰ 73 বছৰ পিচতো আধুনিকতাৰ পোহৰ নপৰা গাঁওখনক লৈ চিন্তিত অঞ্চলটোৰ সচেতন মহল ৷

Bongaigaon non developed village
স্বাধীন ভাৰতৰ এখন পৰাধীন গাঁও
author img

By

Published : Jul 15, 2020, 10:35 PM IST

বঙাইগাঁও, 15 জুলাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতবৰ্ষৰ সকলো গাঁৱক আদৰ্শ গাঁও হিচাপে ৰূপান্তৰ কৰাৰ বাবে বিভিন্ন আঁচনি ৰূপায়ন কৰা পৰিলক্ষিত হৈছে ৷ প্ৰতিখন গাঁৱতে ইন্টাৰনেট সেৱা, বিজুলী, ৰাজপথ আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সময়ে-সময়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি থকা পৰিলক্ষিত হৈছে ৷ কিন্তু একবিংশ শতিকাৰ বিশ্বায়নৰ যুগতো অসমৰ এখন গাঁৱত নাই বিজুলী ব্য়ৱস্থা, নাই উপযুক্ত ঘৰ তথা বিজ্ঞান সন্মত শৌচালয় ৷

স্বাধীন ভাৰতৰ এখন পৰাধীন গাঁও

বঙাইগাঁও জিলাৰ ঘিলাগুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত চুৱাশালিপাৰা গাঁওখনত বৰ্তমানলৈ কোনো এটা পৰিয়ালৰ নাই চৰকাৰী আবাসগৃহ ৷ আনকি, বিজুলিৰ পোহৰেও ঢুকি পোৱা নাই গাঁওখনক ৷ স্বাধীনতাৰ 73 বছৰ পিচতো আধুনিকতাৰ পোহৰ নপৰা গাঁওখনক লৈ চিন্তিত অঞ্চলটোৰ সচেতন মহল ৷

স্বাধীন ভাৰতৰ এখন পৰাধীন গাঁও

জানিব পৰা মতে, কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা গাঁওখনত যাতায়তৰ সু-ব্যৱস্থা নথকাৰ বাবে গাঁওবাসীৰ যাতায়তৰ সম্বল এডাল মাত্ৰ বাঁহৰ সাঁকো । "ডিজিটেল ইণ্ডিয়া"ৰ যুগত গাঁওবাসীয়ে এতিয়াও দেখা নাই বিজুলীৰ পোহৰ। গাঁওখনত নাই শিক্ষাৰ সু ব্যৱস্থা, নাই খোৱাপানীৰ সু ব্যৱস্থা । বেমাৰ আজাৰত এতিয়াও কবিৰাজ অথবা বন দৰৱৰ ওপৰতে নিৰ্ভৰশীল গাঁওখন ৷ কিয়নো গাঁওখনত নাই চিকিৎসাৰ কোনো সু-ব্যৱস্থা ৷

উল্লেখ্য যে, জিলাখনৰ দক্ষিণ অভয়াপুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত এই গাঁওখনক স্থানীয় বিধায়কেও গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ৷

লগতে পঢ়ক : ধাৰাষাৰ বৰষুণৰ মাজতে মহানগৰীৰ গোশালাত ভয়াৱহ ভূমিস্খলন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.