ETV Bharat / state

অভয়াপুৰী হত্যাকাণ্ড : ই-ৰিক্সাৰ বেটাৰীৰ বাবেই চালকক অপহৰণ কৰি হত্যা !

author img

By

Published : Nov 26, 2020, 9:04 PM IST

Updated : Nov 26, 2020, 10:36 PM IST

কিছুদিন পূৰ্বে ই-ৰিক্সা চালকক অপহৰণ কৰি নি নৃশংসভাৱে হত্যা কৰিছিল দুৰ্বৃত্তই । তাৰ পাছতে বুধবাৰে অভয়াপুৰীৰ আমতোলা পাহাৰত উদ্ধাৰ হৈছিল কচিমুদ্দিন নামৰ চালকজনৰ মৃতদেহ।

bongaigaon-murderer-arrested
অভয়াপুৰীৰ হত‍্যাকাণ্ডঃ ই-ৰিক্সাৰ বেটাৰীৰ বাবেই চালকক অপহৰণ কৰি হত্যা !

বঙাইগাঁও, 26 নৱেম্বৰ: বঙাইগাঁও জিলাৰ অভয়াপুৰী আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা। অভয়াপুৰীৰ চাঞ্চল্যকৰ ই-ৰিক্সাৰ চালকক অপহৰণ কৰি হত্যা কৰা হত্যাকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

উল্লেখ্য যে, যোৱা 22 নৱেম্বৰ তাৰিখে ই-ৰিক্সা চালক কচিমুদ্দিনক অপহৰণ কৰি নি নৃশংসভাৱে হত্যা কৰিছিল দুৰ্বৃত্তই । তাৰ পাছতে বুধবাৰে অভয়াপুৰীৰ আমতোলা পাহাৰত উদ্ধাৰ হৈছিল কচিমুদ্দিনৰ মৃতদেহ।

মৃতদেহ উদ্ধাৰৰ পাছতেই অভয়াপুৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছিল তদন্ত। উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়া হেমেন দাস আৰু অভয়াপুৰী থানাৰ ভাঃ বিষয়া দীপক শইকীয়াৰ নেতৃত্বত চলিছিল তদন্ত প্ৰক্ৰিয়া ৷

অৱশেষত আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় উদয় দাস, তাপশ মণ্ডল আৰু বিজু বৰ্মন নামৰ অভিযুক্ত কেইজনক ৷ আনহাতে ঘটনাৰে জড়িত আন এজন অভিযুক্ত বৰ্তমান পলাতক অৱস্থাত আছে ।

উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়া হেমেন দাসে জানিবলৈ দিয়া মতে, ই-ৰিক্সাৰ বেটাৰীৰ বাবেই সংঘটিত হৈছিল এই হত্যাকাণ্ড। সহজভাৱে ধন উপাৰ্জন কৰাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হয় ৷

লগতে পঢ়ক: ৰঙিয়াত পানীত পৰি তিনি বছৰীয়া শিশুৰ কৰুণ মৃত্যু

Last Updated : Nov 26, 2020, 10:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.