ETV Bharat / state

বঙাইগাঁৱত পথ নিৰ্মাণত দুৰ্নীতি

author img

By

Published : Aug 30, 2019, 8:17 PM IST

মন্ত্ৰী ফণীভূষণৰ ঘনিষ্ঠ ঠিকাদাৰৰ কামৰ নমুনা ৷ পোহৰলৈ আহিছে অতি নিম্নমানৰ পথ নিৰ্মাণৰ তথ্য ৷

বঙাইগাঁৱত নিৰ্মানৰ পাছতেই বিধস্ত পথ

চিৰাঙ,30 আগষ্ট: পকীকৰণৰ পাছতেই বিধস্ত হ'ল বঙাইগাঁও জিলাৰ ধনতলা-বামুনিটিলা সংযোগী পথচোৱা ৷ নিৰ্মাণৰ কেইদিন মান পাছতেই এতিয়া বখলা-বখলে খহিছে পকী পথৰ মাজৰ একাংশ ৷ মন্ত্ৰী ফণীভূষণ চৌধৰীৰ নিজ সমষ্টিতেই পথ নিৰ্মাণত সংঘটিত হৈছে দুৰ্নীতি৷ মন্ত্ৰীৰ ঘনিষ্ঠ জনৈক অজিত নামৰ ঠিকাদৰজনৰ বিৰুদ্ধে উঠিছে পথছোৱা নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ ৷ যাৰ ফলত এতিয়া জাঙুৰ খাই উঠিছে বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি ৷

কেৱল ধনতলা-বামুনিটিলা সংযোগী পথেই নহয় জিলাখনৰ আন আন প্ৰান্তত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ কৃষক মুক্তিৰ ৷ অতি শীঘ্ৰে গড়কাপ্তানি বিভাগক পথ মেৰামতিৰ আহ্বান জনাই জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক নন্দন দেৱ নাথে কয়, প্ৰয়োজনত আৰটিআইৰ জড়িয়তেও পোহৰলৈ আনিব দুৰ্নীতিৰ তথ্য ৷

মন্ত্ৰী ফনিভূষণৰ ঘনিষ্ঠ ঠিকাদাৰৰ কামৰ নমুনা

Intro: বঙাইগাঁও জিলাৰ ধনতলা-বামুনিটিলা সংযোগি পথচোৱাৰ পকীকৰনত অতি নিম্ন মানৰ কাম কৰাৰ অভিযোগ । পথ নিৰ্মানৰ কেইদিন মানৰ পিচতে পথৰ মাজৰ অংশত বখলা বখলে উঠিছে পকী অংশ ।।

Body:এয়া বঙাইগাঁও জিলাৰ ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টীৰ অন্তৰ্গত ধনতলা - বামুনিটিলা সংযোগী পকী পথৰ দৃশ্য । মন্ত্ৰী ফণীভূষন চৌধুৰীৰ নিজৰ সমষ্টীৰ পথ নিৰ্মানৰ দুৰ্ণীতিৰ অভিযোগ । অতি নিম্নমানৰ পথ নিৰ্মানৰ তথ্য পোহৰলৈ । মন্ত্ৰী জনৰ অতি ঘনিষ্ট ঠিকাদাৰ অজিত জৈনৰ কাম এয়া । কি ধৰনৰ কাম কৰিছে সেয়া নিজ চকুৰে প্ৰত্যক্ষ কৰিলে স্পষ্ট হব আপোনাৰ ধাৰনা । পথচোৱা নিৰ্মানৰ কিছুদিনৰ পিচতে পথৰ ওপৰেৰে গধুৰ যান-বাহন চলাচলৰ পিচত এই দৰেই পথৰ মাজৰ পৰা নোহোৱা হল পকী অংশ । অন কেমেৰা স্থানীয় ৰাইজে হুদা হাতেৰে বখলা বখলে উঠাই দেখুৱালে পকী পথচোৱাত । মন্ত্ৰী ফণীভূষন চৌধুৰীৰ ছত্ৰ ছায়াত বঙাইগাঁও গঢ়কপ্তানি বিভাগত চলিছে ব্যাপক দুৰ্ণীতি এই অভিযোগ বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ । কেৱল মাত্ৰ এইখন পথেই নহয় জিলাখনৰ নতুনকৈ নিৰ্মান হোৱা অন্য পথ সমুহতো এই ধৰনৰ অতি নিম্ন মানৰ কাম হোৱাৰ অভিযোগ ।

বাইট : নন্দন দেৱ নাথ, সাধাৰন সম্পাদক বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি ।

Conclusion:এই পথ সমুহৰ কাম অতিশীঘ্ৰে যদি গড়কপ্তানি বিভাগে ঠিক নকৰে তেন্তে বঙাইগাঁও জিলা গঢ়কপ্তানি বিভাগৰ প্ৰত্যাকৰ বিৰুদ্ধে আৰ টি আই কৰাৰ ভাৱুকি কৃষক মহক্তিৰ । কাৰন সামান্য দৰমহাৰে কি দৰে তেওঁলোকে কোটী টকাৰ মালিক হল সেয়া ৰহস্যজনক বুলি দাবী কৰি অতিশীঘ্ৰেই আন্দোলনৰ ভাৱুকি দিয়া কৃষক মুক্তিয়ে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.