ETV Bharat / state

উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী - কৃষক মুক্তি সংগ্ৰাম সমিতি

স্থানীয় ৰাইজ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অভিযোগ অনুসৰি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া পাৰ্থ প্ৰতীম নেওগৰ প্ৰত্যক্ষ সহযোগত চলি আহিছিল উৎকোচৰ এই বেপাৰ ৷

বঙাইগাঁও
author img

By

Published : Nov 14, 2019, 8:22 PM IST

বঙাইগাঁও, 14 নৱেম্বৰ : বঙাইগাঁও জিলাৰ বইটামাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি ৷ কিছুদিনমান পূৰ্বে কাৰ্যালয়টোত কৰ্মৰত দুজন লাট মণ্ডল ধৰণী ৰায় আৰু ধনেশ্বৰ সৰকাৰৰ অবাধ লুণ্ঠনৰ কথা ফাদিল হোৱাৰ পিচত পুনৰ কাৰ্যালয়টোৰ কৰ্মচাৰীৰ নিৰ্লজ্জ কাণ্ড বন্দী হৈছে সংবাদ মাধ্যমৰ কেমেৰাত ৷ কাৰ্যালয়টোৰ কৰ্মচাৰী কহিনুৰ দাসে আদম আলী নামৰ এজন লোকৰ পৰা উৎকোচ লোৱাৰ দৃশ্য বন্দী হ’ল সংবাদ মাধ্যমৰ গোপন কেমেৰাত ৷

ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়

লগতে চাঁওকধেমাজি সাংবাদিক নিগ্ৰহৰ ঘটনা:আটক কৰিব পৰা নাই অভিযুক্তক

উল্লেখ্য যে স্থানীয় ৰাইজ আৰু জিলাখনৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অভিযোগ অনুসৰি কাৰ্যালয়টোৰ চক্ৰ বিষয়া পাৰ্থ প্ৰতীম নেওগৰ প্ৰত্যক্ষ সহযোগত চলি আহিছে উৎকোচৰ এই বেপাৰ ৷ বইটামাৰীৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুই লাট মণ্ডলে বৃহৎ অংকৰ বিনিময়ত চৰকাৰী ভূমি একাংশ লোকক নামজাৰী কৰি দিয়াৰ পিচতো তেওঁলোকৰৰ ওপৰত আজিলৈ কোনো বিহিত ব্যৱস্থা লোৱা নাই প্ৰশাসনে ৷ জিলাখনৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু সংবাদ মাধ্যমৰ যুটীয়া অভিযানত পোহৰলৈ আহে কাৰ্যালয়টোত চলি থকা দুৰ্নীতিৰ ঘটনা ৷ উক্ত ঘটনাৰ পিচত কৰ্মচাৰী কেইজনৰ ওপৰত প্ৰশাসনে কি পদক্ষেপ ল'ব সেয়া লক্ষ্যণীয় হ'ব ৷

Intro:বঙাইগাঁও জিলাৰ বৈটামাৰী ৰাজহ চক্ৰ কাৰ্য্যালয়ত মুকলি ভাৱে বিষয়া কৰ্মচাৰীৰ উৎকোচ গ্ৰহন । ঘোঁচখোৰ চৰকাৰী কৰ্মচাৰীৰ উৎকোচ লোৱাৰ দৃশ্য বন্দি কেমেৰাত ।

Body:
বঙাইগাঁওৰ জিলা এটা কাৰ্যালয়ত শনি লাগিছে ৷ কেইদিনমান পূৰ্বে কাৰ্যালয়টোত কৰ্মৰত দুজন লাট মণ্ডলৰ অবাধ লুণ্ঠনৰ কথা ফাদিল কৰিছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ আৰু সেই বাতৰি সবিস্তাৰে প্ৰচাৰ হৈছিল বিভিন্ন সংবাদ মাধ্যমত ৷ পুনৰ এই কাৰ্যালয়ৰ এজন কৰ্মচাৰীয়ে ঘোঁচ লৈ থকাৰ আন এক এক্সক্লুছিভ ভিডিঅ সংবাদ মাধ্যমৰ হাতত ৷ কাৰ্যালয়টো হ’ল বঙাইগাঁও জিলাৰ বইটামাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ৷ কাৰ্যালয়টোৰ কৰ্মচাৰী কহিনুৰ দাসে আদম আলী নামৰ এজন লোকৰ পৰা ঘোঁচ লোৱাৰ দৃশ্য বন্দী হ’ল সংবাদ মাধ্যমৰ গোপন কেমেৰাত ৷ আদম আলীয়ে একাংশ লোকক উচ্ছেদ কৰিবৰ বাবে এক বৃহৎ পৰিমাণৰ অংক উৎকোচ দিছে কহিনুৰ দাসক ৷ উল্লেখ্য কাৰ্যালয়টোৰ চক্ৰ বিষয়া পাৰ্থ প্ৰতীম নেওগৰ প্ৰত্যক্ষ সহযোগত চলে এই কাৰবাৰ ৷ পূৰ্বতেও মৃত লোকক ভুৱা চহী মাৰি ৰাইজৰ ৰোষৰ বলি হোৱা দুই লাট মণ্ডল ক্ৰমে ধৰণী ৰায় আৰু ধনেশ্বৰ সৰকাৰৰ বিৰুদ্ধে আজিলৈকে লোৱা নাই কোনো বিহীত ব্যৱস্থা ৷

বাইট : নন্দন দেৱ নাথ, সাধাৰন সম্পাদক বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি।

Conclusion:উল্লেখ্য বইটামাৰীৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত এই দুই লাট মণ্ডলে চৰকাৰী ভূমি বৃহৎ অংকৰ বিনিময়ত নামজাৰী কৰি দিছিল একাংশ লোকক ৷ মুঠতে টকাৰ বিনিময়ত যাৰ তাৰ মাটী নামজাৰী বা আপোনাৰ নামত কধি লব পাৰিব আপোনি এইখন ৰাজহ চক্ৰ কাৰ্য্যলয়ত । দুৰ্ণীতিৰ ক্ষেত্ৰত সুন্য সহনশীল অসম চৰকাৰৰ এই সকল বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহন কৰিব চৰকাৰে তাৰ বাবে অপেক্ষাত বইটামাৰীৰ লোক সকল ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.