ETV Bharat / state

বঙাইগাঁওত ভূমিপাট্টাৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ

author img

By

Published : Aug 27, 2019, 8:38 PM IST

বঙাইগাঁওত ভূমিপাট্টাৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ। অনুমতি লোৱাৰ পিচতো প্ৰতিবাদী সমদল কৰাত বাধা আৰক্ষীৰ ।

বঙাইগাঁওত ভূমিপাট্টাৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ

বঙাইগাঁও,27 আগষ্টঃ বঙাইগাঁও জিলা সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জিলাখনৰ গোষ্টী সংঘৰ্ষত গৃহহীন হোৱা তথা নদীৰ গৰাখহনীয়াত গৃহহীন হোৱা লোক সকলক লৈ ভূমি পাট্টাৰ দাবীত প্ৰতিবাদী গণধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে। বঙাইগাঁও বৰপাৰা ৰাজহুৱা খেলপথাৰৰ পৰা প্ৰতিবাদী সমদল কৰি আহি জিলা উপায়ুক্তক ভূমিপাট্টাৰ দাবীত স্মাৰক দি গান্ধী ময়দানত গণ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰ কথা আছিল যদিও জিলা প্ৰশাসনে অনুমতি দিয়াৰ পিচতো সমদল কৰাত বাধা দিলে জিলা প্ৰশাসনে। বৃহৎ আৰক্ষীৰ দলে দণ্ডাধীশসহ আহি বাধা দিলে সমদল কৰাত। ১৯৮৯ চনত বৰ্তমানৰ চিৰাং জিলাত ভাৰত-ভূটান সীমান্তৰ ৪২ খন গাঁওৰ খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰ লোকসকলে বড়ো আন্দোলনত নিজৰ পাট্টা মাটি এৰি আহিব লগীয়া হৈছিল। তাৰ পিচতে এই সকল দুৰ্ভগীয়া লোকে বঙাইগাঁও জিলাৰ বিদ্যাপুৰসহ কেবাঠাইতো শিবিৰ পাতি থাকিবলগীয়া হৈছিল। যোৱা ৩০ টা বছৰে অসম চৰকাৰে এই সকল লোকক কোনো সংস্থাপনৰ ব্যৱস্থা নকৰিলে। ইয়াৰোপৰি জিলাখনৰ বহু গাঁও আই তথা অন্যান্য নদীৰ গৰাখহনীয়াত সৰ্বশ্ৰান্ত হোৱাৰ পিচতো চৰকৰে এইসকল লোকক ভূমি পাট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিও পূৰণ নকৰিলে। যি সময়ত অসমত অগপৰ চৰকাৰ আছিল সেই সময়ৰ পৰাই এই সকল লোকক কোনো চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে। বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ সমষ্টিত এই সকল লোকক প্ৰতাৰণা কৰাৰহে অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে ৷

Intro:বঙাইগাঁওত ভূমিপাট্টাৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ । অনুমতি লোৱাৰ পিচতো প্ৰতিবাদী সমদল কৰাত বাধা আৰক্ষীৰ ।

Body:বঙাইগাঁও জিলা সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জিলাখনৰ গোষ্টী সংঘৰ্ষত গৃহহীন হোৱা তথা নদীৰ গৰাখহনিয়াত গৃহহীন হোৱা লোক সকলক লৈ ভূমি পাট্টাৰ দাবীত প্ৰতিবাদী গণ ধৰ্ণা কাৰ্য্যসুচি ৰূপায়ন কৰে । বঙাইগাঁও বৰপাৰা ৰাজহুৱা খেলপথাৰৰ পৰা প্ৰতিবাদী সমদল কৰি আহি জিলা উপায়ুক্তক ভূমিপাট্টাৰ দাবীত স্মাৰক দি গান্ধী ময়দানত গণধৰ্ণা কাৰ্য্যসুচি ৰূপায়নৰ কথা আছিল যদিও জিলা প্ৰশাসনে অনুমতি দিয়াৰ পিচতো সমদল কৰাত বাধা দিলে জিলা প্ৰশাসনে । বৃহৎ আৰক্ষীৰ দল দণ্ডাধীশ সহ আহি বাধা দিলে সমদল কৰাত ।
যোৱা ১৯৮৯ চনত বৰ্তমানৰ চিৰাং জিলাত ভাৰত-ভূটান সীমান্তৰ ৪২ খনগাঁওৰ খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰ লোক বড়ো আন্দোলনত নিজৰ পাট্টা মাটী এৰি আহিব লগীয়া হৈছিল । বহু লোক নিহত হবলগীয়া হৈছিল । তাৰ পিচতে এই সকল দুৰ্ভগীয়া লোকে নিজৰ পাট্টা মাটী এৰি আহি বঙাইগাঁও জিলাৰ বিদ্যাপুৰ সহ কেবাঠাইত শিবিৰ পাতি থাকিবলগীয়া হৈছিল । যোৱা ৩০ টা বছৰে অসম চৰকাৰে এই সকল লোকক কোনো সংস্থাপন নকৰিলে । ইয়াৰোপৰি জিলাখনৰ বহু গাঁও আই তথা অন্যান্য নদীৰ গৰাখহনিয়াত সৰ্বশ্ৰান্ত হোৱাৰ পিচতো চৰকৰে এই সকল লোকক ভূমি পাট্টা দিয়াৰ কথা কৈয়ো নিদিলে । যি সময়ত অসমত অগপৰ চৰকাৰ আছিল সেই সময়ৰ পৰাই এই সকল লোকক কোনো চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে । বঙাইগাঁও সমষ্টীৰ বিধায়ক ফণীভূষন চৌধুৰীৰ সমষ্টিত এই সকল লোকক বিধায়ক জনে প্ৰতাৰনাহে কৰিলে যোৱা ৩০ টা বছৰে । কাৰন বিধায়কৰ পৰা মন্ত্ৰী হোৱা ফণীভূষন চৌধুৰি নিজেও ভূমি পা্ট্টা বিভাগৰ সদস্য ।তাৰ পিচতো এই সকল লোকক সংস্থাপনৰ কোনো ব্যৱস্থা নকৰিলে বুলি অভিযোগ কধে ।

বাইট : নন্দন দেৱ নাথ, সম্পাদক কৃষক মুক্তি বঙাইগাঁও ।
ভূক্তভোগী বৃদ্ধ মহিল ।

Conclusion:এই সকল লোকৰ হৈ প্ৰতিবাদ স্থলিৰ পৰা বঙাইগাঁও জিলা কৃষক মুক্তিয়ে জিলা উপায়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ স্থাৰক প্ৰদান কৰে । অতিশীঘ্ৰে এই সকল লোকক ভূমিপট্টা প্ৰদান নকৰিলে ভয়াবহ আন্দোলনৰ হুংকাৰ দিয়ে কৃষক মুক্তিয়ে । কাৰন বহু বাৰ আন্দোলন কৰাৰ পিচতো অসম চৰকাৰ বা বঙাইগাঁও জিলা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.