ETV Bharat / state

বঙাইগাঁৱৰ নিৰ্দলীয় প্ৰাৰ্থী গৌতম দত্তৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ - bongaigaon independent candidate gautam

চিৰাঙৰ কাজলগাঁও প্ৰেছ ক্লাবত নিৰ্দলীয় প্ৰাৰ্থীৰ গৌতম দত্তৰ সংবাদমেল । অন্যায় আৰু দুৰ্নীতিৰ সৈতে আপোচ নকৰাৰ প্ৰতিশ্ৰুতি নিৰ্দলীয় প্ৰাৰ্থী গৌতম দত্তৰ । সংবাদমেলতে প্ৰকাশ তেওঁৰ নিৰ্বাচনী ইস্তাহাৰ ।

বঙাইগাঁৱৰ নিৰ্দলীয় প্ৰাৰ্থী গৌতম দত্তৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

author img

By

Published : Mar 25, 2021, 2:05 PM IST

চিৰাং,২৫ মাৰ্চ: চিৰাং জিলাৰ ঢালিগাঁৱস্থিত কাজলগাঁও প্ৰেছ ক্লাবত বুধবাৰে ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী গৌতম দত্তই এক সংবাদমেলৰ আয়োজন কৰে । নিৰ্দলীয় প্ৰাৰ্থী গৌতম দত্তই সংবাদমেলত তেওঁৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে ।

বঙাইগাঁৱৰ নিৰ্দলীয় প্ৰাৰ্থী গৌতম দত্তৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ
বঙাইগাঁৱৰ নিৰ্দলীয় প্ৰাৰ্থী গৌতম দত্তৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

ইস্তাহাৰত প্ৰকাশ কৰা তেওঁৰ প্ৰতিশ্ৰুতিসমূহ হৈছে 'ডি' ভোটাৰ সমস্যা সমাধান কৰি বৈধ নাগৰিকৰ নাগৰিকত্ব নিশ্চিত কৰা, ৰাজ্যজুৰি বান সমস্যাক বৈজ্ঞানিকভাৱে সমাধানৰ কাৰণে বিধানসভাত মাত মতা, শিক্ষা, স্বাস্থ্য আৰু সমষ্টিৰ নাগৰিকৰ সাংস্কৃতিক উন্নয়নৰ হকে কাম কৰা, সমষ্টিৰ কৃষিজীৱী ৰাইজৰ বাবে বৈজ্ঞানিক পদ্ধতিক অগ্ৰাধিকাৰ দিয়াৰ লগতে বঙাইগাওঁ চহৰৰ সংযোগী বাট-পথ উন্নয়ন সাধন কৰা আদি ৷

৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিত বিধায়ক হৈ থকা অসম গণ পৰিষদৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী, কংগ্ৰেছৰ প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায় আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দীপু চৌধুৰীৰ বিৰুদ্ধে বঙাইগাঁও বিধানসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত অবতীৰ্ণ হোৱা গৌতম দত্তই কয় যে, এই নিৰ্বাচনত তেওঁ অতি কমেও ৬৫ হাজাৰ ভোট লাভ কৰি অসম গণ পৰিষদৰ প্ৰাৰ্থী তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীক ৩০ হেজাৰ ভোটৰ ব্যৱধানত পৰাজিত কৰি জয় লাভ কৰিব ।

লগতে পঢ়ক:পাটোৱাৰী উদ্ধাৰ অভিযানৰ বাবে শুকুৰবাৰে আহি আছে গাডকাৰী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.