বঙাইগাঁও, 19 মাৰ্চঃ বঙাইগাঁৱৰ ধনতোলাত জব্দ 3 খন চোৰাং গৰু কঢ়িওৱা বাহন । বিদ্যাপুৰৰ পৰা লেংটিছিঙালৈ লৈ যোৱা অৱস্থাত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে জব্দ কৰে বাহনকেইখন ৷ বাহনকেইখনৰ পৰা ১২ টা বহিঃ ৰাজ্যৰ গৰু জব্দ কৰে। ইফালে আৰক্ষীৰ উপস্থিতিৰ উমান পাই আন ৮ টা গৰুসহ দুখন বাহন পলাই সাৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । জব্দকৃত বাহন কেইখনৰ নম্বৰ- AS-26-C-7263, AS-15-AC-1183 আৰু AS-19-C-8073 ৷
লগতে পঢ়কঃ ত্ৰিপুৰাত গ্ৰেপ্তাৰ জামাতুল মুজাহিদীন বাংলাদেশৰ সন্ত্ৰাসবাদী