বঙাইগাঁও, 11 ছেপ্তেন্বৰঃ বঙাইগাঁওত উদ্ধাৰ 5 গৰাকী নাবালিকা কিশোৰী ৷ নিউ বঙাইগাঁও ৰেল ষ্টেচনত ৰেল'ৰ পৰা আৰ.পি.এফে উদ্ধাৰ কৰে এগৰাকী মহিলাসহ 5 গৰাকী কিশোৰী ৷ ৰেল বিভাগৰ গোপন তথ্যৰ ভিত্তিত ৰঙিয়া আৰু নিউ বঙাইগাঁওৰ আৰ.পি.এফে নামনিমুৱা উখা এক্সপ্ৰেচত অভিযান চলাই উদ্ধাৰ কৰে কিশোৰী কেইগৰাকীক ৷ অনিমা সিংহ নামৰ মহিলাগৰাকী এই নাৰী সৰবৰাহকাৰী চক্ৰত জড়িত থকা বুলি আৰ.পি.এফৰ সহকাৰী বিষয়া সোহনলাল প্ৰধানে প্ৰকাশ কৰে ৷ উল্লেখ্য যে কিছুদিন পুৰ্ব্বেও ৰেলৰ পৰা বহি:ৰাজ্যলৈ সৰবৰাহ কৰিব খোজা দুগৰাকী কিশোৰীক উদ্ধাৰ কৰিছিল আৰ.পি.এফে ৷ সঘনে সংঘটিত হৈ থকা এনে ঘটনাৰ বাবে আৰ.পি.এফে অভিযান চলাইছিল ৷
বঙাইগাঁওত নাৰী সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ 5 নাবালিকা কিশোৰী - অনিমা সিংহ
বঙাইগাঁওত উদ্ধাৰ 5 গৰাকী নাবালিকা কিশোৰী ৷ নিউ বঙাইগাঁও ৰেল ষ্টেচনত ৰেল'ৰ পৰা আৰ.পি.এফে উদ্ধাৰ কৰে এগৰাকী মহিলাসহ 5 গৰাকী কিশোৰী ৷
বঙাইগাঁও, 11 ছেপ্তেন্বৰঃ বঙাইগাঁওত উদ্ধাৰ 5 গৰাকী নাবালিকা কিশোৰী ৷ নিউ বঙাইগাঁও ৰেল ষ্টেচনত ৰেল'ৰ পৰা আৰ.পি.এফে উদ্ধাৰ কৰে এগৰাকী মহিলাসহ 5 গৰাকী কিশোৰী ৷ ৰেল বিভাগৰ গোপন তথ্যৰ ভিত্তিত ৰঙিয়া আৰু নিউ বঙাইগাঁওৰ আৰ.পি.এফে নামনিমুৱা উখা এক্সপ্ৰেচত অভিযান চলাই উদ্ধাৰ কৰে কিশোৰী কেইগৰাকীক ৷ অনিমা সিংহ নামৰ মহিলাগৰাকী এই নাৰী সৰবৰাহকাৰী চক্ৰত জড়িত থকা বুলি আৰ.পি.এফৰ সহকাৰী বিষয়া সোহনলাল প্ৰধানে প্ৰকাশ কৰে ৷ উল্লেখ্য যে কিছুদিন পুৰ্ব্বেও ৰেলৰ পৰা বহি:ৰাজ্যলৈ সৰবৰাহ কৰিব খোজা দুগৰাকী কিশোৰীক উদ্ধাৰ কৰিছিল আৰ.পি.এফে ৷ সঘনে সংঘটিত হৈ থকা এনে ঘটনাৰ বাবে আৰ.পি.এফে অভিযান চলাইছিল ৷
Body:ৰেল বিভাগৰ গোপন তথ্যৰ ভিত্তিত ৰঙীয়া আৰু নিউবঙাইগাঁওৰ আৰ পিএফে ১৫৬৩৬ নম্বৰ নামনিমুৱা উখা এক্সপ্ৰেচত অভিযান চলাই এজনি মহিলা সহ পাঁচজনী নাবালক ছোৱালী উদ্ধাৰ কৰে । অনিমা সিংহ নামৰ মহিলাজনীয়ে ১০ ৰ পৰা ১৫ বছৰৰ এই পাচঁজনী ছোৱালীক অসমৰ পৰা ফুচুলাই গুজৰাটলৈ লোৱাৰ চেষ্টা চলাছিল বুলি আৰপিএফৰ সহকাৰী বিষয়া সোহনলাল প্ৰধানে জানিব দিয়ে । উদ্ধাৰ কিশোৰ কেইজনীৰ ঠিকনা তথা আন কোনো বিতং তথ্য প্ৰকাশৰ পৰা বিৰত থাকে আৰপিএফ ।
বাইট : সোহনলাল প্ৰধান, আৰ পি এফ বিষয়া ।
Conclusion: আজি সন্ধীয়া উদ্ধাৰ কৰা পাঁচোজন নাবালক ছোৱালীৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি আৰক্ষীৰ সহযোগত আৰ পি এফে ব্যৱস্থা লৈছে । এই খিনিতে উল্লেখ্য যে কিছুদিন পুৰ্ব্বেও ৰেলৰ পৰা আদী বাসী আৰু বড়ো কিশোৰি উদ্ধাৰ কৰিছিল বহি:ৰাজ্যলৈ লোৱাৰ পথত । একাংশ দুষ্ট চক্ৰই গাঁওৰ দৰিদ্ৰ কিশোৰি সকলক ফুচুলাই কাম দিয়াৰ প্ৰলোভন দি বহি:ৰাজ্যত বিক্ৰী কৰা ঘটনা নতুন নহয় । প্ৰায়ে এই সমুহ ঘটনা সংঘটিত হৈ আহিছে । আজিৰ ঘটনাও কিছু পৰিমানে তেনে হোৱাৰ সন্দেহ কৰিয়ে আৰপিএফে চলাইছিল অভিযান ।
(বি:দ্ৰ: ঘটনা সন্ধীয়াৰ কিন্ত দিনৰ ভিজুৱেলৰ সৈতে ৰাতিৰ ভিজুৱেল মিলাই বনালো ।)
বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।।