ETV Bharat / state

ডিষ্টিংচন লাভ কৰিছে হোটেলত কাম কৰা এগৰাকী কিশোৰে

author img

By

Published : Jun 8, 2020, 4:22 PM IST

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ টুলুঙীয়াত আনন্দৰ বন‍্যা । ৮৫ শতাংশ নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে হোটেলত কাম কৰা কিশোৰ সুবল ৰায়ে ৷ হোটেলৰ ব্যৱসায়ী গৰাকীয়ে ঘৰৰ ল'ৰাৰ দৰে ৰাখি পঢ়া-শুনাৰ ব্যৱস্থা কৰি দিছিল কিশোৰ গৰাকীক ৷

bongaigaon hotel boy success in H.S.L.C examination
ডিষ্টিংচন লাভ কৰিছে হোটেলত কাম কৰা এগৰাকী কিশোৰে

বঙাইগাঁও,8 জুনঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ টুলুঙীয়াত আনন্দৰ বন‍্যা । ৮৫ শতাংশ নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে হোটেলত কাম কৰা কিশোৰ সুবল ৰায় ৷ পিতৃ-মাতৃহীন এগৰাকী অতি নিঠৰুৱা ছাত্ৰই জীৱিকাৰ তাড়নাত দোকানত কাম বিচাৰি আহিছিল ৷ দোকানত সহায়ক হিচাপে কামো কৰিছিল কিন্তু কিছু সময়ৰ পিছত দয়ালু দোকানৰ গৰাকী ৰতিন ৰায়ে সুবলক নিজৰ পালিত ল'ৰাৰ দৰে ঘৰতে ৰাখি বিদ্যালয়ত নাম লগাই দিয়ে আৰু এতিয়া সেই গৰাকী ছাত্ৰই আনৰ ঘৰত থাকি দোকানত কাম কৰাৰ লগতে পঢ়া শুনা কৰি সুখ্যাতি অৰ্জন কৰিছে ৷ শনিবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পিছত সফলতাৰে উত্তীৰ্ণ হোৱাত আনন্দৰ বন্যা বৈছে সমগ্ৰ পৰিয়ালটোত ৷

পালিত পিতৃ-মাতৃৰ সৈতে কৃতি ছাত্ৰ
সুবল ৰায়ৰ নিজা ঘৰ ধুবুৰী জিলাৰ বহলপুৰত। নিচেই সৰুতে মাক-দেউতাকক হেৰুওৱা দুৰ্ভগীয়া সুবল আৰু তেওঁৰ সৰু ভাতৃক অভিভাৱক হিচাপে লালন-পালন আৰু পঢ়া-লিখাৰ সম্পূৰ্ণ দায়িত্ব ল'বলৈ আগবাঢ়ি আহে অভয়াপুৰীৰ টুলুঙীয়াৰ সমাজসেৱক,ব্যৱসায়ী ৰতিন ৰায়।

ৰতিন ৰায়ে নিজ গৃহতে ৰাখি দুয়ো ভাতৃক বিদ্যালয়ত নাম লগাই দিছিল। তেখেতে দুৰ্ভগীয়া দুয়ো ভাতৃকে নিজৰ সন্তানৰ দৰেই মৰম কৰে। স্কুলৰ পৰা আহি দুয়োৱে আজৰি সময়ত পিতৃস্বৰূপ ৰতিন ৰায়ৰ হোটেলত বিভিন্ন কামত সহায় কৰি দিছিল । শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সেইজন মেধাৱী সুবলে উত্তৰ শালমাৰাৰ ডি পি এম হাইস্কুলৰ পৰা পাঁচটা বিষয়ত লেটাৰ লাভ কৰি মুঠ 513 নম্বৰ পাই জিলিকি উঠাৰ লগতে ৰতিন ৰায়দেৱৰ নাম উজ্বলাই তুলিছে ।

কিশোৰজনৰ মাৰ্কশ্বিট

লগতে পঢ়কঃ উদ্ধৱ থাকৰেয়ে প্ৰশংসা কৰিলে অভিনেতা চনু সুদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.