ETV Bharat / state

চৰকাৰী সাহাৰ্য লাভৰ পৰা বঞ্চিত বঙাইগাঁৱৰ বানাক্ৰান্ত ৰাইজ - বানপানী

বঙাইগাঁও জিলাৰ যোগীঘোপাৰ নিকটৱৰ্তী মাজেৰ আলগা গাঁও পঞ্চায়তৰ অন্তৰ্গত অঞ্চলসমূহত বিগত কেইবাদিনৰ পৰা হোৱা বানৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বন্যাৰ্তৰ মাজত ৷ জিলা প্ৰশাসনৰ তৰফৰ পৰা কোনো সহায় লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে বানাক্ৰান্ত ৰাইজে ৷

Flood at Bongaigaon
বঙাইগাঁৱত বানৰ সংহাৰ
author img

By

Published : Jul 17, 2020, 3:04 PM IST

বঙাইগাঁও, 17 জুলাই : সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁও জিলাতো বানপানীয়ে ব‍্যাহত কৰি তুলিছে বঙাইগাঁওবাসীৰ জীৱন যাত্ৰা । এই প্ৰলয়ংকাৰী বানত মানুহৰ লগতে আবদ্ধ হৈ পৰিছে পশুধন ‌।

বঙাইগাঁৱত বানৰ সংহাৰ

উল্লেখ্য যে,বঙাইগাঁও জিলাৰ যোগীঘোপাৰ নিকটৱৰ্তী মাজেৰ আলগা গাঁও পঞ্চায়তৰ অন্তৰ্গত অঞ্চলসমূহত বিগত কেইবাদিনৰ পৰা হোৱা বানত আবদ্ধ হৈ পৰিছে মানুহৰ সৈতে পশুধন। জিলা প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ উদ্ধাৰ অভিযান তথা সাহাৰ্য বিতৰণৰ প্ৰচেষ্টা দেখিবলৈ পোৱা নাই বানাক্ৰান্ত ৰাইজে । ইয়াকে লৈ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী বানপীড়িত লোকে ।

Flood at Bongaigaon
বঙাইগাঁৱত বানৰ সংহাৰ
বানপানীত ককবকাই আছে সাধাৰণ কৃষক শ্ৰেণীৰ লোকসকল । কিন্তু শীত তাপ নিয়ন্ত্ৰিত কোঠাত বহি জিলা প্ৰশাসনে বান পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰি থকাৰ বাবেই হয়তো কেইবাদিনো পাৰ হোৱাৰ পাচতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ভুক্তভোগীসকলে অভিযোগ উত্থাপন কৰে ।
Flood at Bongaigaon
বঙাইগাঁৱত বানৰ সংহাৰ

লগতে পঢ়ক : দুদিনীয়া কাৰ্যসূচীৰে লেহত উপস্থিত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.