বঙাইগাঁও,7 এপ্ৰিলঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ দৰকিনামাৰীত সৃষ্টি এক উত্তপ্ত পৰিস্থিতি ৷ দুটা ফৈদৰ মাজত সংঘটিত ভূমি কেন্দ্ৰিক বিবাদৰ ফলত এই সংঘৰ্ষ সৃষ্টি হয় । খেতি পথাৰত কাম কৰি থকা অৱস্থাত দৰকিনামাৰীৰ একাংশ খেতিয়কক অকস্মাতে আক্ৰমণ কৰে শতাধিক লোকে । ঘটনাৰ অভিযোগ অনুসৰি,প্ৰায় দুই শতাধিক লোকে হাতে হাতে ৰড,তৰোৱাল,ষাঠী আদি লৈ আক্ৰমণ কৰে খেতিয়কক ৷ আক্ৰমণত 8 জন লোক গুৰুতৰভাৱে আহত হয় । আহত তিনিজন লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

ঘটনাস্থলীত বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক সিংহৰাম মিলি উপস্থিত হৈ পৰিস্থিতি পৰিদৰ্শন কৰে ৷ জিলাখনৰ জপেয়া আৰু জামদহা গাঁৱৰ পৰা দুৰ্বৃত্তৰ দলটো অহা বুলি জানিব পৰা গৈছে ৷ আহতসকল ক্ৰমে শচীন বিশ্বাস(৬৫), গোবিন্দ বিশ্বাস (৫০), মদন বিশ্বাস(৩৫), মতিলাল বিশ্বাস(৭৩), বিনোদ চন্দ্ৰ আৰ্য(৭৮), ৰামকমল আৰ্য(৪৫), আনন্দ আৰ্য(৩৫) আৰু শ্ৰীপদ আৰ্য(৩০) ৷ উল্লেখ্য যে,জিলাখনৰ নৈপৰীয়া অঞ্চলসমূহত প্ৰায়ে দেখিবলৈ পোৱা যায় ভূমি কেন্দ্ৰিক বিবাদ ।
লগতে চাওকঃ ১৫ এপ্ৰিলৰ পৰা বুকিং কৰিব পাৰিব GoAir বিমানঃ মুখপাত্ৰ