ETV Bharat / state

কঠিয়াতলিৰ পৰাই অখিল গগৈৰ মুক্তিৰ দাবী চহা কৃষকৰ

author img

By

Published : Jul 23, 2020, 7:11 PM IST

বঙাইগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ন ভুই উৎসৱ । কঠিয়াতলিৰ পৰাই অখিল গগৈৰ মুক্তিৰ দাবী কৃষকৰ। লগতে 'কা' বিৰোধী শ্ল'গানেৰেও সৰৱ হৈ উঠে কৃষকসকল ৷

Bongaigaon farmers demand to free akhil gogoi
কঠিয়াতলিৰ পৰাই অখিল গগৈৰ মুক্তিৰ দাবী চহা কৃষকৰ

বঙাইগাঁও, 23 জুলাইঃ বঙাইগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ন ভুই উৎসৱ। কঠিয়াতলিৰ পৰাই অখিল গগৈৰ মুক্তিৰ দাবী তুলিছে কৃষক সমাজে । সমান্তৰাল ভাৱে 'কা' বাতিলৰ দাবী উত্থাপন কৰি‌ ৰাজপথত আন্দোলনৰ হুংকাৰ প্ৰদান কৃষক সকলৰ ।

বঙাইগাঁও জিলাৰ দেৱানগাঁৱত বৃহস্পতিবাৰে কৃষক সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে খেতিপথাৰত পালন কৰে ন-ভুই উৎসৱ । স‌ংগঠনটোৰ বঙাইগাঁও জিলা সমিতিৰ কিছুসংখ্যক কৰ্মীয়ে দেৱানগাঁৱত খেতিপথাৰত মাটি চহাৰ পৰা আৰম্ভ কৰি ধান ৰোপণ কৰি এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি কৰি আনন্দ উল্লাহ কৰা পৰিলক্ষিত হৈছে । আনন্দৰ সমান্তৰালভাৱে অখিল গগৈৰ মুক্তিৰ দাবী উত্থাপন কৰিছে কৃষক ৰাইজে ৷ লগতে পথাৰৰ পৰাই 'কা' বিৰোধী শ্ল'গানো দিয়ে চহা ৰাইজে ৷

এইখিনিতে উল্লেখ্য যে,বঙাইগাঁও জিলা সমিতি কৃষক মুক্তিৰ সভাপতি মহিধৰ ৰায় আৰু সম্পাদক নন্দন দেৱ নাথে 'কা' বিৰোধী আন্দোলন কৰি ডেৰ মাহ সময় কাৰাবাস খাটিব লগীয়া হৈছিল। দুয়োজনে জামিনত ওলাই আহি সম্প্ৰতি এইদৰে কৃষি বিপ্লৱত নামি পৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়কঃ হাতীৰ ওপৰত মানুহৰ অবৰ্ণনীয় অত্যাচাৰ, আৰক্ষীৰ কাষ চাপিল বাইকাৰ্ছ এছ'চিয়েচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.