বঙাইগাঁও, 21 মাৰ্চঃ বঙাইগাঁৱত জনসংযোগ বিষয়াৰ কাৰ্য্যালয় আৰু বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাৱৰ উদ্যোগত, জিলা প্ৰশাসনৰ সহযোগিতাত যান বাহন ৰখাই পথচাৰীৰ মাজত হাত ধোৱাৰ ব্যৱস্থা কৰি এক সজাগতামূলক অভিযান চলায় ৷ ইয়াৰোপৰি সকলোকে জনতাৰ সান্ধ্য আইন পালন কৰিবলৈয়ো আহ্বান জনায় প্ৰশাসনে ৷ ইয়াৰ লগতে শনিবাৰে এক সজাগতামুলক অভিযান কাৰ্যসূচীও অনুষ্ঠিত কৰা হয় ৷ এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কৰে ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া কবিতা ডেকাই ৷ অনুষ্ঠানত উপস্থিত থাকে বঙাইগাঁও জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰত্ন বসুমতাৰীৰ লগতে কাৰ্য্যালয়টোৰ সমূহ কৰ্মচাৰী ৷
বঙাইগাঁও প্ৰেছ ক্লাৱৰ ছপা আৰু বৈদ্যুতিণ মাধ্যমৰ সংবাদকৰ্মী সকলৰ সক্ৰিয় প্ৰচেষ্টাত পথত চলাচল কৰা যান বাহনসমূহৰ লগতে পথচাৰী সকলৰ মাজত চাবোন, হেণ্ড চেনিটেইজাৰেৰে হাত ধোৱাৰ ব্যৱস্থা কৰাৰ লগতে, কৰ'ণা ভাইৰাছৰ পৰা নিজক ৰক্ষা কৰিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়ে সকলোকে অৱগত কৰাই একোখনকৈ গোঁহাৰি পত্ৰ বিতৰণ কৰে ৷
ইয়াৰোপৰি অসম বাঙালি যুৱ-ছাত্ৰ ফেডাৰেশ্যন পলাংশুগুৰিৰ একাংশ সদস্যই জনসজাগতাৰে ৰাইজৰ মাজত মাস্ক আৰু ডেটল চাবোন বিতৰণ কৰে ৷ লগতে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে টেম্পোৰে গাঁৱে গাঁৱে ঘুৰি ৰাইজৰ মাজত কৰ'ণা সম্পৰ্কীয় সজাগতাৰ বিষয়ে বাৰ্তা প্ৰদান কৰে ৷
লগতে পঢ়কঃ অলপ সাৱধানতাই ৰক্ষা কৰিব পাৰে অনেকজনৰ জীৱনঃ প্ৰধানমন্ত্ৰী মোডী