বঙাইগাঁও, 27 ডিচেম্বৰ : অসম প্ৰদেশ কংগ্ৰেছৰ এগৰাকী সৱল নেত্ৰী অজন্ত নেওগে কংগ্ৰেছ ত্যাগ কৰা নাই ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছৰ পৰা তেওঁক বহিষ্কাৰ কৰা হৈছে ৷ 21 ৰ মন্ত্ৰণা লৈ AICC সম্পাদক পৃথ্বিৰাজ প্ৰভাকৰ সাথেৰ আজি বঙাইগাঁৱত উপস্থিত হৈ এক সংবাদ মেল সম্বোধন কৰে ৷ উক্ত সংবাদমেলতেই এই মন্তব্য প্ৰকাশ কৰে সম্পাদক গৰাকীয়ে ৷
ইয়াৰোপৰি কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে নেতা গৰাকীয়ে ৷ তেওঁ কয়, কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা সম্পৰ্কত এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই ৷ যদি মিত্ৰতা কৰিবলগীয়া হয় তেন্তে এই ক্ষেত্ৰত সিদ্ধান্ত দিল্লীয়ে গ্ৰহণ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে ৷
সমান্তৰালভাৱে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ক্ষেত্ৰত সাংবাদিকে কৰা প্ৰশ্ন উত্তৰত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ নেতা গৰাকীয়ে ৷ তেওঁ কয়, কেন্দ্ৰী সমিতিয়ে সিদ্ধান্ত গ্ৰহণ নকৰালৈকে ৰিপুন বৰাই কংগ্ৰেছৰ সভাপতি হৈ থাকিব ৷ বৰ্তমান ৰিপুন বৰা সভাপতিত্বতেই আগন্তক নিৰ্বাচনৰ বাবে সাংগঠনিক কামকাজ আৰম্ভ কৰা হ'ব বুলি মত প্ৰকাশ কৰে AICC সম্পাদক গৰাকীয়ে ৷
উল্লেখ্য যে, বিধান সভা নিৰ্বাচনৰ উপলক্ষে পৰিস্থিতিৰ বুজ ল’বলৈ বঙাইগাঁৱত উপস্থিত হোৱা নেতা গৰাকী সৈতে উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰি আৰু বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায় উপস্থিত থাকে । বঙাইগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ত সম্বোধন কৰা হয় উক্ত সংবাদমেল ৷
লগতে পঢ়ক:মা কামাখ্যাৰ আশিস ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে