ETV Bharat / state

প্ৰদেশ কংগ্ৰেছৰ সম্পাদক গিৰীশ বৰুৱাৰ দলত্যাগ - bongaigaon congress leader regin

সংবাদমেল যোগে দলত্যাগৰ ঘোষণা কৰে জ্যেষ্ঠ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক গিৰীশ বৰুৱাই । কেৱল টকা নথকাৰ বাবে তেওঁক প্ৰাৰ্থিত্ব নিদিয়াৰ অভিযোগ নেতাগৰাকীৰ । তেওঁৰ মতে এইবাৰ কংগ্ৰেছে ধনবল থকা লোককহে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

প্ৰদেশ কংগ্ৰেছৰ সম্পাদক গিৰিশ বৰুৱাৰ দল ত্যাগ

author img

By

Published : Mar 20, 2021, 7:16 PM IST

চিৰাং,২০ মাৰ্চ: ৰাজ্যৰ চৌদিশে চলিছে নিৰ্বাচনৰ প্ৰচাৰ অভিযান । মনোনয়ন দাখিলৰ পিছত প্ৰতিগৰাকী প্ৰাৰ্থী ব্যস্ত নিজ নিজ সমষ্টিৰ ভোটাৰক আকৰ্ষণত । কিন্তু ইয়াৰ মাজতে বঙাইগাঁও জিলাত কংগ্ৰেছ দলৰ ভিতৰচ'ৰাত এতিয়াও আছে প্ৰাৰ্থিত্বকেন্দ্ৰিক অসন্তুষ্টি ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে জিলাখনৰ এগৰাকী জ্যেষ্ঠ নেতাই ত্যাগ কৰিলে কংগ্ৰেছ দল । সংবাদমেল যোগে দলত্যাগৰ ঘোষণা কৰে জ্যেষ্ঠ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক গিৰীশ বৰুৱাই । বঙাইগাঁও প্ৰেছ ক্লাবত দলত্যাগৰ ঘোষণা কৰাৰ লগতে দলৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰে নেতাগৰাকীয়ে ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধেও ক্ষোভ উজাৰিলে নেতা গৰাকীয়ে । কেৱল টকা নথকাৰ বাবে তেওঁক প্ৰাৰ্থিত্ব নিদিয়াৰ অভিযোগ নেতাগৰাকীৰ । তেওঁৰ মতে এইবাৰ কংগ্ৰেছে ধনবল থকা লোককহে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । ইফালে নেতাগৰাকীৰ সৈতে সমষ্টিটোৰ কেইবাগৰাকী কংগ্ৰেছ কৰ্মীয়ে দলত্যাগ কৰে ।

লগতে পঢ়ক: অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ ৰাষ্ট্ৰীয় কৃষক নেতা ৰমেশ শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.