ETV Bharat / state

Bongaigaon CK College:সাতগৰাকীকৈ অধ্যাপকে লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 7:20 PM IST

চি কে কলেজৰ অধ্যক্ষসহ সাতগৰাকীকৈ পিএইচডি ডিগ্ৰী লাভ কৰা অধ্যাপকক সম্বৰ্ধনা জ্ঞাপন ৷

Bongaigaon CK College
পিএইচডি ডিগ্ৰী লাভ কৰা অধ্যাপকক সম্বৰ্ধনা

বঙাইগাঁও, 15 ছেপ্টেম্বৰ : শুকুৰবাৰে বঙাইগাঁও জিলাৰ চি কে মহাবিদ্যালয় চাকলাত এক গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা সভা অনুষ্ঠিত হয় । চি কে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই সম্বৰ্ধনা সভা ৷ চি কে মহাবিদ্যালয়ৰ অধ্যক্ষ শ্বহিদুল ইছলামৰ লগতে সাতগৰাকীকৈ অধ্যাপকে পিএইচ ডি ডিগ্ৰী লাভ কৰিছে ৷ তেওঁলোকক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেই এই সভাখন অনুষ্ঠিত কৰা হয় ।

চি কে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মন্তাজ আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাখন ছাত্ৰ একতা সভাৰ সম্পাদক মকিবুল ইছলামে আঁত ধৰে ৷ অনুষ্ঠানত ছাত্ৰ একতা সভা, কলেজ কৰ্তৃপক্ষৰ লগতে কোকিলা প্ৰেছ ক্লাৱৰ পৰা ফুলাম গামোচাৰে অধ্যাপকসকলক সম্বৰ্ধনা জনোৱা হয় । চি কে মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ শ্বহিদুল ইছলামে ৰাজস্থানৰ ছানৰাইজ বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে পিএইচ ডিগ্ৰী লাভ কৰে । লগতে ড৹ আবু তাহেৰ তালুকদাৰ, ড৹ মনিৰুল ইছলাম, ড৹ লাল মিয়া, ড৹ দানেজ আলী আহমেদ, ড৹ আফলুজা য়াছমিনে সুখ্যাতিৰে পিএইচ ডিগ্ৰী লাভ কৰে ৷ আটাইকে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ।

পূৰ্বে ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কুইজ আৰু ৰচনা প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীক অধ্যক্ষ ড৹ শ্বহিদুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী সভাত বঁটা প্ৰদান কৰা হয় ৷ প্ৰথম স্থান লাভ কৰা প্ৰতিযোগীক দুই হাজাৰ টকা আৰু দ্বিতীয় স্থান লাভ কৰা প্ৰতিযোগীক এক হাজাৰ টকা প্ৰদান কৰা হয় । কোকিলা প্ৰেছ ক্লাৱৰ সভাপতি মকিবুল ইছলামে ভাষণত কয় ছাত্ৰ-ছাত্ৰী সকলে গুণগত শিক্ষাগ্ৰহণৰ লগতে নৈতিক শিক্ষা গ্ৰহণ কৰাটো অতি প্ৰয়োজন ।

নাম্বাৰপাৰা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বিষয় শিক্ষক খাজা আবু তালেব আহমেদে ছাত্ৰ-ছাত্ৰীয়ে পিতৃ মাতৃ আৰু আচাৰ্য সকলক কিদৰে ভক্তি কৰিব লাগে সেই সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য কৰে । সভাত চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আৰু ৰূপসী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰবক্তা আব্দুছ ছাত্তাৰ আহমেদ, চি কে মহাবিদ্যালয়ৰ আন আন প্ৰবক্তা আৰু শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ।

লগতে পঢ়ক : Newly constructed education temple : মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ নৱ নিৰ্মিত শিক্ষা মন্দিৰ উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.