বঙাইগাঁও,10 অক্টোবৰ: অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তিৰ সন্দৰ্ভত অনুষ্ঠিত বাছনি পৰীক্ষাৰ ঠিকা লাভ কৰা অক্ষয় টেলি কমিউনিকেচনৰ স্বত্বাধিকাৰী অক্ষয় চান্দ বৈধ (আখীয়া চান্দ) ৰ বঙাইগাঁও চহৰস্থিত অট্টালিকাত শনিবাৰে অভিযান চলাই চিআইডিৰ এক বিশেষ গোটে ৷
শনিবাৰে সন্ধিয়া প্ৰায় 6 বজাৰ পৰা বঙাইগাঁও চহৰৰ মাজমজিয়াত থকা অক্ষয় টেলি কমিউনিকেচনৰ স্বত্বাধিকাৰীৰ ঘৰত চিআইডিৰ এটা দলে অভিযান চলায় । বৰ্তমান মুহুৰ্তলৈকে অব্যাহত আছে আৰক্ষীৰ এই অভিযান ৷ ইতিমধ্যে সংস্থাটোৰ অন্যতম স্বত্বাধিকাৰী ৰুবুল হাজৰিকাই আত্মসমৰ্পণ কৰাৰ বিপৰীতে অক্ষয় চান্দ বৈধ পলাতক অৱস্থাত আছে । বিগত তিনিদিন পূৰ্বে অক্ষয় টেলি কমিউনিকেচনৰ বঙাইগাঁৱস্থিত কাৰ্যালয়টো ছীল কৰিছিল আৰক্ষীয়ে ।
লগতে চাওকঃ 10 অক্টোবৰ : ৰাষ্ট্ৰীয় ডাকসেৱা দিৱস