ETV Bharat / state

বঙাইগাঁৱৰ চিকিৎসালয়ত তেজৰ ছিণ্ডিকেটৰাজ চলাৰ অভিযোগ উত্থাপন

author img

By

Published : Jul 28, 2020, 6:15 PM IST

বঙাইগাঁৱত প্ৰায় এক ইউনিট অৰ্থাৎ এক বটল তেজৰ চৰকাৰী মূল্য 1,050 টকাৰ সলনি ৰোগীয়ে দালালৰ পৰা ক্ৰয় কৰিবলগীয়া হৈছে 8,000-10,000 টকাত ৷ তদুপৰি তেজৰ গ্ৰুপ অনুসৰি এই মূল্য বৃদ্ধি হয় 12,000-13,000 টকালৈকে ৷ কিন্তু সকলো জানিও এইক্ষেত্ৰত ৰহস্যজনক ভূমিকা গ্ৰহণ কৰিছে চিকিৎসালয়ৰ বিষয়া-কৰ্মচাৰীসকলে ৷ ৰোগীৰ লগতে ৰোগীৰ পৰিয়ালবৰ্গই উত্থাপন কৰে এই অভিযোগ ৷ জিলাখনৰ একাংশ নাৰ্চিংহোমৰ লগতে আৰু অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকত ৰোগীৰ প্ৰয়োজনীয়তাৰ সুযোগ গ্ৰহণ কৰি অব্যাহত আছে তেজৰ ছিণ্ডিকেট ৷

Bongaigaon Blood Bank syndicate chirang assam etv bharat news
আৰোগ্য নাৰ্চিংহোম

বঙাইগাঁও,28 জুলাই: ৰক্তদান জীৱন দান ৷ কিন্তু ৰক্তদানৰ নামত বঙাইগাওঁ চহৰত দীৰ্ঘদিনে চলি আহিছে তেজৰ ছিণ্ডিকেটৰাজ ৷ এই অভিযোগ উত্থাপন কৰিছে চহৰখনলৈ চিকিৎসাৰ বাবে অহা স্বয়ং একাংশ ৰোগীৰ অভিভাৱকে ৷ জিলাখনৰ একাংশ নাৰ্চিংহোমৰ লগতে আৰু অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকত ৰোগীৰ প্ৰয়োজনীয়তাৰ সুযোগ গ্ৰহণ কৰি অব্যাহত আছে তেজৰ ছিণ্ডিকেট ৷ মুঠৰ ওপৰত কমিচনৰ বিনিময়ত চহৰখনত চলি আছে তেজৰ এক বৃহৎ ক’লা বজাৰ ৷ উক্ত কাৰ্যৰ বাবে ইতিমধ্যে জড়িত হৈ পৰিছে একাংশ দালাল ৷ যাৰ বাবে সামান্য পৰিমাণৰ তেজৰ বিনিময়ত ৰোগীয়ে ব্য়য় কৰিবলগীয়া হৈছে সহস্ৰাধিক ধন ৷

সচেতন মহলৰ তদন্তৰ দাবী

বঙাইগাঁৱত প্ৰায় এক ইউনিট অৰ্থাৎ এক বটল তেজৰ চৰকাৰী মূল্য 1,050 টকাৰ সলনি ৰোগীয়ে দালালৰ পৰা ক্ৰয় কৰিবলগীয়া হৈছে 8,000-10,000 টকাত ৷ তদুপৰি তেজৰ গ্ৰুপ অনুসৰি এই মূল্য বৃদ্ধি হয় 12,000-13,000 টকালৈকে ৷ কিন্তু সকলো জানিও এইক্ষেত্ৰত ৰহস্যজনক ভূমিকা গ্ৰহণ কৰিছে চিকিৎসালয়ৰ বিষয়া-কৰ্মচাৰীসকলে ৷ ৰোগীৰ লগতে ৰোগীৰ পৰিয়ালবৰ্গই উত্থাপন কৰে এই অভিযোগ ৷

তেজ যোগানৰ নামত ৰোগীৰ পৰা ধন লুট

জিলা প্ৰশাসনৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি নাৰ্চিংহোমৰ লগতে অসামৰিক চিকিৎসালয়ত অব্যাহত আছে তেজৰ এই ছিণ্ডিকেট ৷ এইক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে ব্লাড বেংকৰ কৰ্মচাৰী,0লেব’ৰেটৰী টেকনিচিয়ানসকলে ৷ চহৰখন চলি থকা এনে এক ক’লা অধ্যায় সম্প্ৰতি পোহৰলৈ আহিছে ৷ বঙাইগাঁৱৰ আৰোগ্য নাৰ্চিংহোমত লেব’ৰেটৰী টেকনিচিয়ান হিচাপে কৰ্মৰত ভৃগু কুমাৰ ৰাজবংশী নামৰ ব্যক্তিগৰাকীৰ নেতৃত্বত চলি থকা তেজৰ ছিণ্ডিকেটৰ বিষয়ে ইতিমধ্যে পোহৰলৈ আহিছে ৷

তেজৰ ছিণ্ডিকেটৰাজৰ অভিযোগ উত্থাপন

উল্লেখ্য যে,নাৰ্চিংহোমখনত চিকিৎসাধীন এগৰাকী প্ৰসূতিয়ে চাৰি ইউনিট তেজৰ বিনিময়ত ভৰিবলগীয়া হৈছে প্ৰায় 30,000 হেজাৰ টকা ৷ মহিলাগৰাকীৰ অভিভাৱকৰ পৰা এটা দালাল চক্ৰই তেজ যোগানৰ নামত সৰকাই এই বৃহৎ ধনৰাশি ৷ উক্ত মূল্যৰ বিনিময়ত দালাল চক্ৰটোৱে দুদিন চিৰাঙৰ কাজলগাঁও অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ পৰা দুই ইউনিট তেজ যোগান ধৰাৰ লগতে বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ পৰা দুই ইউনিট তেজ যোগান ধৰা দেখুৱায় ৷ ৰোগীগৰাকীয়ে ব্লাড বেংকৰ চৰকাৰী মূল্য 1050 টকাকৈ 4200 টকা পৰিশোধ কৰিব লাগে যদিও অতিৰিক্তভাৱে দালালে সংগ্ৰহ কৰে 30,000 টকা ৷

আনহাতে,ব্লাড বেংকৰ পৰা যি সকল লোকে ইতিমধ্যে তেজ দিয়া দেখুৱাইছে আটাইকেইজনৰে নাম,ঠিকনাৰ লগতে ফোন নম্বৰ ভুৱা প্ৰমাণিত হৈছে বুলি প্ৰকাশ কৰে ৰোগীৰ অভিভাৱকসকলে । এই তথ্য পোহৰলৈ অহাৰ পিছত প্ৰত্য়েকেই বিচাৰিছে মানুহৰ জীৱনদায়িনী ব্লাড বেংকৰ এই ছিণ্ডিকেটৰাজৰ বিৰুদ্ধে প্ৰশাসনে উচিত তদন্ত আৰম্ভ কৰাতো ৷ অৱশ্যে এইক্ষেত্ৰত সম্পূৰ্ণ অজ্ঞাতা প্ৰকাশ কৰে কাজলগাঁৱৰ জেএছবি অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকে ৷

লগতে চাওকঃ অসমৰ ভূ-খণ্ডত আগ্ৰাসন অৰুণাচলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.