বঙাইগাঁও,19 নৱেম্বৰ: বঙাইগাঁও জিলাৰ অভয়াপুৰীত চাঞ্চল্যকৰ ঘটনা । অভয়াপুৰীৰ নয়াগাঁৱত সংঘটিত এই ঘটনা । পানীয়া ৰায় নামৰ এজন লোকৰ দাৰ আক্ৰমণত আহত হয় চাৰিজনকৈ লোক । দুজনৰ অৱস্থা বৰ্তমানেও সংকটজনক। আহত লোককেইজন ক্ৰমে,নিমিয়া বালা ৰায়,মজেন ৰায়,চিন্তামনি ৰায় আৰু চনিমা ৰায় । ইয়াৰে নিমিয়া বালা ৰায় আৰু মজেন ৰায়ৰ অৱস্থা সংকটজনক ।

প্ৰাপ্ত তথ্য অনুসৰি,লোকজনে প্ৰায় ৪৫ মিনিট ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰে অঞ্চলটোত। অৱশেষত যোগীঘোপা আৰক্ষী আৰু ৰাইজৰ সহযোগত আটক কৰা হয় লোকজনক ৷

আজি দিনৰ ১২.১৫ মান বজাত সংঘটিত হয় এই ঘটনা । ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও যোৱা দুদিনৰ পৰা মানসিকভাৱে দুৰ্বল হোৱাৰ কথা জনায় ৰাইজে । সংকটজনক অৱস্থাত থকা দুয়োজনকে বৰপেটালৈ নিয়া হৈছে উন্নত চিকিৎসাৰ বাবে ।

অন্য এক খবৰৰ বাবে: বাক্সাত পথ দুৰ্ঘটনা: নিহত এজন