ETV Bharat / state

ভাৰত-বাংলা সীমান্তত দুস্কৃতিকাৰীৰ উপদ্ৰব

author img

By

Published : Jul 18, 2020, 12:04 PM IST

বাংলাদেশী দুস্কৃতিকাৰীয়ে তাণ্ডৱ চলোৱাৰ লগতে ভাৰতীয় নাগৰিকৰ ঘৰৰ পৰা ঘৰচীয়া জন্তু চুৰ কৰি লৈ যোৱাৰ অভিযোগ।

bangladeshi-attack-indo-bangla-border-visit-sp-karimganj
ভাৰত-বাংলা সীমান্তত দুস্কৃতিকাৰীৰ উপদ্ৰব

কৰিমগঞ্জ,18জুলাইঃ ভাৰতৰ ভূখণ্ডত আহি বাংলাদেশী দুস্কৃতিকাৰীয়ে তাণ্ডৱ চলোৱা ঘটনাৰ তদন্তত নামিল কৰিমগঞ্জ আৰক্ষী । আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণায়ে শুকুৰবাৰে কৰিমগঞ্জৰ ভাৰত বাংলাদেশৰ ফুলকান্দি সীমান্ত পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে, দলগ্ৰাম, কাবল, নয়াগ্ৰাম অঞ্চলত সঘনাই বাংলাদেশী দুস্কৃতিকাৰীয়ে তাণ্ডৱ চলোৱাৰ লগতে ভাৰতীয় নাগৰিকৰ ঘৰৰ পৰা জন্তু চুৰ কৰি লৈ যোৱাৰ অভিযোগ।

ঘটনা অনুসৰি কেইদিন মানৰ আগতে দলগ্ৰাম এলেকাৰ জবৰুল হকৰ ঘৰৰ পৰা তিনিটা গৰু চুৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল বাংলাদেশীৰ বিৰুদ্ধে। জবৰুলে এই সন্দৰ্ভত নিলামবজাৰ আৰক্ষী থানাত গোচৰ তৰিছিল । ইপিনে আশ্চৰ্যজনক ভাবে জবৰুলক ফোন যোগে গোচৰ প্ৰত্যাহাৰ কৰিবলৈ কোৱাৰ লগতে হত্যাৰ ভাবুকিও প্ৰদান কৰিছিল কোনো অজ্ঞাত লোকে । যাৰবাৱে শনিবাৰে এই ঘটনাৰ তদন্তৰ বাবে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকে বিশেষ তৎপৰতা গ্ৰহণ কৰে ৷ আৰক্ষী অধীক্ষক গৰাকীয়ে ঘটনা লগত বাংলাদেশী দুষ্কৃতিকাৰীৰ কোনো সংযোগ পোৱা নাই বুলি উল্লেখ কৰে ৷ তাৰ বিপৰীতে ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত এজন ভাৰতীয় নাগৰিকক হে আটক কৰা হৈছে আৰু আন তিনিজন পলাতক হৈ আছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

উল্লেখযোগ্য যে, যোৱা ১২ জুলাইত আৰক্ষী থানাত গোচৰ তৰিছিল জবৰুলে ৷ ইপিনে 13 জুলাইত বাংলাদেশীৰ তাণ্ডৱৰ পৰা এই এলেকা সমূহ ৰক্ষা কৰাৰ বাবে এ আই ইউ ডি এফৰ কৰিমগঞ্জ জিলা সভাপতিয়ে, কৰিমগঞ্জৰ উপায়ক্তক এখন লিখিত অভিযোগ দাখিল কৰিছিল বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ গোলাঘাটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.