ETV Bharat / state

ফনীভূষণ চৌধুৰীৰ সৈতে জিলা কৃষি উন্নয়ন বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল - বঙাইগাঁও থানা

শুকুৰবাৰে নিশা মন্ত্ৰী ফণীভূষণ চৌধুৰী, ঢালিগাঁও জিলা পৰিষদৰ সদস্য ৰঞ্জু সিংহ, জিলা পৰিষদ প্ৰাক্তন সদস্য প্ৰনৱ চৌধুৰী, ঢালিগাঁও গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ সদস্য শ্ৰীমতী পাৰ্বতী ৰায়, গ্ৰাম সেৱক কিৰ্তি লোধ, জিলা কৃষি বিষয়া লক্ষেশ্বৰ ৰায়, মহাম্মদ নজৰুল জিলা কৃষি উন্নয়ন বিষয়া আৰু ঢালিগাঁওৰ জয়ন্ত সিংহৰ বিৰুদ্ধে বঙাইগাঁও থানাত এজাহাৰ দাখিল কৰা হয় ।

Bangaigaon PM Kisan Sanman Nidhi scam
বঙাইগাঁৱত কৃষক সন্মান নিধিৰ নামত দুৰ্নীতিৰ অভিযোগ
author img

By

Published : May 23, 2020, 12:30 PM IST

বঙাইগাঁও, 23 মেঃ বঙাইগাঁও জিলাৰ ঢালিগাঁও গাঁও পঞ্চায়তত কৃষক সন্মান নিধিৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । পঞ্চায়তৰ সভাপতিৰ অজ্ঞাতে সংঘটিত এই দুৰ্নীতিত সাঙোৰ খাইছে মন্ত্ৰী ফণীভূষন চৌধুৰীসহ অগপ নেতাকৰ্মীৰ লগতে কৃষি বিভাগৰ একাংশ কৰ্মকৰ্তাৰ নাম । শুকুৰবাৰে নিশা মন্ত্ৰী ফণীভূষণ চৌধুৰী, ঢালিগাঁও জিলা পৰিষদৰ সদস্য ৰঞ্জু সিংহ, জিলা পৰিষদ প্ৰাক্তন সদস্য প্ৰনৱ চৌধুৰী, ঢালিগাঁও গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ সদস্য পাৰ্বতী ৰায়, গ্ৰাম সেৱক কিৰ্তি লোধ, জিলা কৃষি বিষয়া লক্ষেশ্বৰ ৰায়, জিলা কৃষি উন্নয়ন বিষয়া মহম্মদ নজৰুল আৰু ঢালিগাঁৱৰ জয়ন্ত সিংহৰ বিৰুদ্ধে বঙাইগাঁও থানাত এখন এজাহাৰ দাখিল কৰা হয় ।

Bangaigaon PM Kisan Sanman Nidhi scam
বঙাইগাঁও থানা দাখিল কৰা এজাহাৰ
বঙাইগাঁৱত কৃষক সন্মান নিধিৰ নামত দুৰ্নীতি

উল্লেখ্য যে, কেইদিন মান পূৰ্বে ঢালিগাঁও গাঁও পঞ্চায়তৰ সভাপতি মাখন ঘোষে এক সংবাদ মেলত স্পষ্ট কৰিছিল যে কৃষি বিভাগৰ এই দুৰ্নীতিৰ বিষয়ে তেখেত সম্পূৰ্ণৰূপে অজ্ঞ । সম্প্ৰতি এই ঘটনাক কেন্দ্ৰ কৰিয়ে জিলাখনত অগপ আৰু বিজেপিৰ মাজত শীতল যুদ্ধৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক- বিপদসীমাৰ ওপৰেৰে বৈছে পুঠিমাৰী নৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.