চিৰাং, 6 জুনঃ নাথ-যোগী জনগোষ্ঠীৰ পৰা ৰাজ্যখনত এজন মন্ত্ৰী লাগে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ মন্ত্ৰীসভাত কাছাৰৰ বৰখলাৰ বিজেপি দলৰ বিধায়ক কিশোৰ নাথক মন্ত্ৰীত্ব দিয়াৰ দাবী জনাই সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাই ।
আৰু পঢ়কঃ মোডী মন্ত্ৰীসভাৰ দ্বিতীয় ক্ষমতাশালী নেতা অমিত শ্বাহ
বৃহস্পতিবাৰে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত ৰাজ্যখনত নাথ-যোগী জনগোষ্ঠীৰ অৱদান সমূহলৈ লক্ষ্য ৰাখি জনগোষ্ঠীটোৰ ৰাইজৰ স্বাৰ্থত কিশোৰ নাথক মন্ত্ৰী পদ দিবলৈ দাবী উত্থাপন কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে ।
ইয়াৰোপৰি উক্ত দাবী সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিব বুলিও জানিবলৈ দিয়ে সাধাৰণ সম্পাদক অৰবিন্দ নাথে৷