বঙাইগাঁও,29 জানুৱাৰী:শেষতীয়াকৈ বিটিচিত জনজাতি আৱেষ্টনি উচ্ছেদৰ বিষয়টোক লৈ বিটিআৰ চৰকাৰৰ প্ৰশাসনে এক জাননী জাৰি কৰিছে ৷ উক্ত জানিনী খনক লৈ শনিবাৰে বঙাইগাঁও প্ৰেছ ক্লাৱত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা(এবিএমছু)ৰ মহিদুল গোটৰ বিষয়ববীয়া সকলে এখন সংবাদমেল অনুষ্ঠিত কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
সংবাদমেলত ABMSU ৰ সভাপতি মহিদুল ইচলামে কয় যে, বিটিচি পৰিষদীয় নিৰ্ব্বাচনৰ পূৰ্বেই ABMSU ই বিটিআৰৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ সৈতে এই বিষয়ে আলোচনা কৰিছিল । প্ৰমোদ বড়োই পূৰ্বৰে পৰা প্ৰতিশ্ৰুতি দিছিল যে বিটিচিত কোনো ধৰণৰ উচ্ছেদ চলোৱা নহয় । শেষতীয়াকৈ প্ৰশাসনৰ পৰা উচ্চেদক লৈ যি জাননী প্ৰকাশ হৈছে সেই বিষয়ে যোৱা ২৮ জানুৱাৰীত আকৌ ছাত্ৰ সংগঠনটোৰ এক সজাতি দলে বিটিচিৰ মুখ্য প্ৰমোদ বড়োৰ সৈতে আলোচনাত মিলিত হৈছিল ৷ আলোচনাত প্ৰমোদ বড়োয়ে পুনৰ কোনো ধৰণৰ উচ্ছেদ চলোৱা নহয় বৰঞ্চ তাৰ বিপৰীতে ভূমিহীন লোকক ভূমিপাট্টা দিয়া হ'ব বুলিহে প্ৰতিশ্ৰুতি দিয়া বুলি সংবাদ মেলত মন্তব্য কৰে সভাপতি মহিদুল ইচলামে।
তাৰোপৰি, কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত প্ৰয়াত লাফিকুল ইচলামৰ নামত শান্তি গৱেষণা কেন্দ্ৰ এটাও স্থাপন কৰা হ'ব আৰু সেই কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে বুলি প্ৰমোদ বড়োই মন্তব্য কৰা বুলি সদৰি কৰে সংগঠনটোৱে । মুঠতে বিটিচিত কোনো জাতি জনগোষ্ঠী ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ'ব নালাগে বুলি ৰাইজক আহ্বান জনায় সংগঠনটোৰ সভাপতি গৰাকীয়ে ৷ ইফালে এবিএমছু থকালৈ বিটিচিত কোনো ধৰণৰ উচ্ছেদ নহয়। ইয়াৰ বাবে এবিএমছুৰ সদস্য সকলে সদায় মাত মাতি যাব। গতিকে এবিএমছুৰ প্ৰতি আস্থা ৰাখিবলৈ ৰাইজক আহ্বান জনোৱাৰ লগতে কোনো কাৰণতে সংকিত নহ'বলৈ আহ্বান জনায় এবিএমছুৰ নেতা গৰাকীয়ে ৷
লগতে পঢ়ক- 73 বছৰে বিদ্যুতৰ পোহৰ নেদেখা মিছামাৰীৰ এখন গাঁও