মাণিকপুৰ, 29 জুন : ৰাজ্যত বাৰিষাৰ আগমনৰ লগে লগে বান আৰু গৰাখহনীয়া সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা আই নদীৰ গৰাখহনীয়াই পুনৰ আতংকৰ সৃষ্টি কৰিছে জাৰাগুৰিত । উল্লেখযোগ্য যে, যোৱা বছৰ আইনদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাৰ পাচতে তদানীন্তন জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই দুবাৰ, মন্ত্ৰী ফনীভূষণ চৌধুৰীয়ে কেইবাৰো উপস্থিত হৈ পৰিদৰ্শন কৰিছিল গৰাখহনীয়াস্থলী ৷ একেদৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও গৰাখহনীয়াস্থলী পৰিদৰ্শন কৰি খহনীয়া ৰোধৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু যদিও বিভাগীয় কৰ্তৃপক্ষই নামমাত্ৰ এমজিএনৰেগা আঁচনিৰ কাম ৰিং বান্ধ দি দায়িত্ব সামৰে যদিও সম্প্ৰতি ৰিং বান্ধ খহিবলৈ আৰম্ভ কৰিছে অঞ্চলটোত ।
স্থানীয় লোকৰ অভিযোগ অনুসৰি কোনো বিজ্ঞান সন্মতভাবে কাম নকৰাৰ বাবে এইবাৰ পুনৰ খহনীয়া আৰম্ভ হৈছে অঞ্চলটোত ৷ সম্প্ৰতি এই গৰাখহনীয়াৰ ফলত কৃষিভূমি আৰু মানুহৰ ঘৰ দুৱাৰ নদীৰ বুকুত জাহ যাবলৈ আৰম্ভ কৰিছে । একেদৰে যোৱা বছৰ আইনদীয়ে সুতি সলনি কৰি ভাণ্ডাৰা হৈ মানাহ নদীৰ ফালে ধাবিত হোৱা ঠাইত পুনৰ খহনীয়া আৰম্ভ হোৱাৰ লগে লগে কাষতে থকা গড়কাপ্তানি পথটোৰ প্ৰতি ভাবুকি আহি পৰিছে ।
তাৰপাচতো কিন্তু জিলা প্ৰশাসন বা জলসম্পদ বিভাগে অঞ্চলটোক ৰক্ষাৰ বাবে আজিলৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ জলসম্পদ বিভাগৰ হেমাহিৰ বাবে কৃষিভূমি খহনীয়াৰ কৱলত পৰাৰ অভিযোগ ৰাইজৰ ৷
উল্লেখযোগ্য যে, কৃষি প্ৰধান দৰিদ্ৰ লোকৰ বসতিস্থল এইসমূহ গাঁও প্ৰতি বছৰেই বান আৰু গৰাখহনীয়াত সৰ্বস্বান্ত হয় ৷ একেদৰে প্ৰতি বছৰেই নিজৰ ঘৰলৈ ইঠাইৰ পৰা সিঠাই লৈ দৌৰিব লগীয়াত পৰে সাধাৰণ জনতা । সম্প্ৰতি উপায়ুন্তৰ হৈ স্থানীয় ৰাইজে বৰ্তমানৰ জলস্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাক গৰাখহনীয়াস্থলী পৰিদৰ্শন কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷
লগতে পঢ়কঃ ঘৰে ঘৰে গৈ অবৈধ বিদ্যুৎ সংযোগ কৰ্তন APDCL ৰ