ETV Bharat / state

বঙাইগাঁৱত অগপৰ জাতীয় ঐক্য সমাৰোহ - শিল্পী কল্পনা পাটোৱাৰী

নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰ হৈ পৰিছে ৰাজ্যৰ আঞ্চলিক দল অসম গণ পৰিষদ ৷ সোমবাৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ গান্ধী ময়দানত আয়োজন কৰা হৈছে অসম গণ পৰিষদ দলৰ জাতীয় ঐক্য সমাৰোহ ৷

AGP MEETING AT BONGAIGAON
বঙাইগাঁৱত অগপৰ জাতীয় ঐক্য সমাৰোহ
author img

By

Published : Jan 19, 2021, 12:28 PM IST

Updated : Jan 19, 2021, 12:43 PM IST

বঙাইগাঁও,19 জানুৱাৰী:ৰাজ্যৰ আগন্তুক 2021ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী ৷ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ ৷ বাদ পৰি ৰোৱা নাই ৰাজ্যৰ আঞ্চলিক দল অসম গণ পৰিষদো ৷ মঙলবাৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ গান্ধী ময়দানত আয়োজন কৰা হৈছে অসম গণ পৰিষদ দলৰ জাতীয় ঐক্য সমাৰোহ

বঙাইগাঁৱত অগপৰ জাতীয় ঐক্য সমাৰোহ

অগপৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তথা অভয়াপুৰী উত্তৰ আৰু দক্ষিণ বিধান পৰিষদৰ সৌজন্যত অনুষ্ঠিত হোৱা জাতীয় ঐক্য সমাৰোহত উপস্থিত থাকিব ৰাজ্যৰ কৃষি মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰা,মন্ত্ৰী কেশৱ মহন্ত,শিল্পী কল্পনা পাটোৱাৰী আদিকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা ৷ ইপিনে এই সমাৰোহত প্ৰায় ২০ হেজাৰ দলীয় কৰ্মী তথা ৰাইজে অংশগ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে অগপৰ জেষ্ঠ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ৷

লগতে পঢ়কঃ মানকাচৰত বিহু উদযাপনৰ নামত অশ্লীল নৃত্য,জুৱাৰ পয়োভৰ

Last Updated : Jan 19, 2021, 12:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.