ETV Bharat / state

কৰ'ণাৰ হটস্পতলৈ পৰিণত অভয়াপুৰী জিলা কাৰাগাৰ

author img

By

Published : May 14, 2021, 7:12 PM IST

অভয়াপুৰী জিলা কাৰাগাৰত কৰ'ণাৰ আতংক ৷ কাৰাগাৰখনত বৰ্তমানলৈ 36 গৰাকী কয়দীৰ দেহত ধৰা পৰিছে ক'ভিড-19 পজিটিভ ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কাৰাগাৰৰ ভিতৰতে কৰা হৈছে ক'ভিড কেয়াৰ চেন্টাৰৰ ব্যৱস্থা ৷

abhayapuri-district-jail-become-covid-19-hotspot
কৰ'ণাৰ হটস্পতলৈ পৰিণত অভয়াপুৰী জিলা কাৰাগাৰ

বঙাইগাঁও, 14 মে': ৰাজ্যজুৰি কৰ'ণা ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে কৰ'ণাৰ হটস্পতলৈ পৰিণত হৈছে বঙাইগাঁও জিলাৰ অভয়াপুৰী জিলা কাৰাগাৰ ৷ বৰ্তমানলৈকে কাৰাগাৰ খনৰ 36 গৰাকী কাৰাবন্দীৰ দেহত ধৰা পৰিছে ক'ভিড-19 পজিটিভ ৷ এই ভয়াৱহ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা কাৰাগাৰৰ ভিতৰতে চিকিৎসা প্ৰদান কৰা হৈছে ক'ভিডত আক্ৰান্তসকলক ৷ কাৰাগাৰৰ ভিতৰতে ক'ভিড কেয়াৰ চেন্টাৰৰ ব্যৱস্থা কৰি ক'ভিড আক্ৰান্তসকলক চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷

বৰ্তমান কাৰাগাৰৰ ভিতৰত স্থাপন কৰা ক'ভিড কেয়াৰ চেন্টাৰত চিকিৎসক,নাৰ্ছ, চাফাইকৰ্মীকে ধৰি স্বাস্থ্য বিভাগৰ দলে দায়িত্ব পালন কৰি আছে ৷ ইয়াৰ ওপৰিও জৰুৰীকালীন পৰিস্থিতিৰ বাবে অক্সিজেনো মজুত কৰি ৰখা হৈছে ক'ভিড কেয়াৰ চেন্টাৰত ৷

উল্লেখ্য যে, এই খবৰ পোহৰলৈ অহাৰ লগে লগে কাৰাগাৰৰ ভিতৰৰ লগতে স্থানীয় অঞ্চলটোত সৃষ্টি হৈছে আতংকৰ ৷ এনে পৰিৱেশত মূলত কাৰাগাৰত থকা আন আন কয়দীসকলৰ বাবে অধিক প্ৰত্যাহ্বান আহিছে । কিন্তু অভয়াপুৰী জিলা কাৰাগাৰত ক'ৰ পৰা কেনেকৈ ক'ভিড সংক্ৰমন ঘটিল সেই বিষয়ে অৱশ্যে কোনো তথ্য প্ৰকাশ কৰা নাই কাৰাগাৰ কৰ্তৃপক্ষ বা স্বাস্থ্য বিভাগে ৷

লগতে পঢ়কঃ ৰাজ্যৰ 31 খন কাৰাগাৰৰ 167 গৰাকী কয়দী আক্ৰান্ত কৰ’ণাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.