ETV Bharat / state

টাৰ্বাইন কঢ়িয়াই নিয়া বাহন আবদ্ধ কৰি আছুৰ প্ৰতিবাদ

author img

By

Published : Dec 21, 2020, 1:03 PM IST

ৰাজ্যৰ দল-সংগঠনৰ প্ৰতিবাদকো নেওচি পূৰ্ণোদ্যমে চলিছে বৃহৎ নদীবান্ধৰ কাম ৷ সোমবাৰে পুৱতি নিশা বঙাইগাঁও জিলাৰ যোগীঘোপাৰ পৰা সোৱণশিৰিলৈ টাৰ্বাইন কঢ়িয়াই নিয়ে 8 খনকৈ ট্ৰেইলাৰে ৷ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে লৈ যোৱা হয় টাৰ্বাইনসমূহ ৷

AASU PROTEST IN BONGAIGAON
টাৰ্বাইন কঢ়িয়াই নিয়া বাহন আবদ্ধ কৰি আছুৰ প্ৰতিবাদ

বঙাইগাঁও,21ডিচেম্বৰঃৰাজ্যৰ দল-সংগঠনৰ প্ৰতিবাদকো নেওচি পূৰ্ণোদ্যমে চলিছে বৃহৎ নদীবান্ধৰ কাম ৷ সোমবাৰে পুৱতি নিশা বঙাইগাঁও জিলাৰ যোগিঘোপাৰ পৰা সোৱণশিৰিলৈ টাৰ্বাইন কঢ়িয়াই নিয়ে 8 খনকৈ ট্ৰেইলাৰে ৷ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে লৈ যোৱা হয় টাৰ্বাইনসমূহ ৷

ইপিনে,এই খবৰ পোৱা মাত্ৰকে অভয়াপুৰীৰ দেওহাটি ৰেল ক্ৰছিঙত নিশা 2বজাত টাৰ্বাইন কঢ়িয়াই নিয়া ট্ৰেইলাৰসমূহ প্ৰায় আধা ঘণ্টা ধৰি আবদ্ধ কৰি ৰাখে আছুৱে ৷ তদুপৰি বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদো সাব্যস্ত কৰে আছুৱে ৷ ইপিনে পিছত প্ৰতিবাদস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে টাৰ্বাইন কঢ়িয়াই নিয়া ট্ৰেইলাৰসমূহ মুকলি কৰি যাবলৈ দিয়ে ৷

লগতে পঢ়কঃ অতি শীঘ্ৰে কৃষিমন্ত্ৰী টোমৰে প্ৰতিবাদী কৃষকক লগ কৰাৰ সম্ভাৱনা আছেঃঅমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.